বঙাইগাঁও জিলা গঠনৰ তেত্ৰিশ বছৰ পূৰ্ণ হ’বলৈ ওলাইছে ৷ অহা ১২ অক্টোৱৰত বঙাইগাঁও জিলাই তেত্ৰিশ বছৰ পূৰ্ণ কৰি ৩৪ বছৰত ভৰি দিব ৷ জিলা গঠনৰ এই প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চলিছে প্ৰস্তুতি ৷ অহা ১১ আৰু ১২ অক্টোৱৰত দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে জিলা প্ৰশাসনে উদযাপন কৰিব বঙাইগাঁও জিলা গঠনৰ প্ৰতিষ্ঠা দিৱস ৷ উল্লেখ্য যে আজিৰ পৰা ৩৩ বছৰ আগতে ১৯৮৯ চনৰ ১২ অক্টোৱৰত অবিভক্ত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা এটাকৈ অংশ কাটি আনি বঙাইগাঁৱক এখন পূৰ্ণ আৰু পৃথক জিলা হিচাপে গঠন কৰি প্ৰশাসনিক কাম – কাজ আৰম্ভ কৰা হৈছিল ৷
অৱশ্যে তেতিয়াৰ ৰাজ্য চৰকাৰে ১ অক্টোৱৰত বঙাইগাঁৱক নতুন জিলা হিচাপে ঘোষণা কৰিছিল যদিও কাম – কাজ ১২ অক্টোৱৰৰ পৰা আৰম্ভ হৈছিল ৷ বঙাইগাঁও জিলাৰ প্ৰথম গৰাকী উপায়ুক্তই জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ ১২ অক্টোৱৰৰ পৰা আৰম্ভ কৰাত সেই দিনটোকে জিলা গঠনৰ দিন হিচাপে গ্ৰহণ কৰা হয় ৷ মন কৰিবলগীয়া যে বঙাইগাঁও জিলাৰ প্ৰথমগৰাকী জিলা উপায়ুক্তৰ দায়িত্বত আছিল দীনেশ চন্দ্ৰ বৰ্মন আৰু জিলা আৰক্ষী অধীক্ষকৰ পদত আছিল আৰ এম সিং ৷
বঙাইগাঁৱৰ দেউৰীপাৰাস্থিত নৰ্মাল স্কুলত অস্থায়ীভাৱে উপায়ুক্ত কাৰ্যালয় আৰম্ভ কৰি কাম- কাজ চলিছিল যদিও এতিয়া চহৰৰ মাজত স্থায়ী কাৰ্যালয় হৈছে ৷ কিন্তু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো বৰ্তমানো ৰে’লৱেৰ মাটিতে চলি আছে ৷ বঙাইগাঁও জিলাৰ বহু পৰিৱৰ্তন হ’ল ৷
চহৰখনৰো পৰিৱৰ্তন হ’ল ৷ কিন্তু এতিয়াও আৰু বহু কৰিবলগীয়া আছে ৷ ইপিনে বঙাইগাঁও জিলা প্ৰতিষ্ঠা দিৱস উদযাপন সন্দৰ্ভত মঙলবাৰে জিলা উপায়ুক্তৰ নিৰ্দেশনামৰ্মে জিলা প্ৰশাসনে ১১ আৰু ১২ অক্টোৱৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। জিলা প্ৰশাসনে সাংস্কৃতিক শোভাযাত্ৰা, আত্ম-সহায়ক গোটৰ মেলা, সাংস্কৃতিক কাৰ্যসূচী, সম্বৰ্ধনা, বিভিন্ন খেলা-ধূলা,পত্ৰ লিখন প্ৰতিযোগিতা, পেইন্টিং প্ৰতিযোগিতা আদি কাৰ্যসূচীৰে জিলাখনৰ প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাইছে। জিলা প্ৰতিষ্ঠা দিৱসৰ কিছুমান কাৰ্যসূচী উত্তৰ শালমাৰা মহকুমাতো মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব।