কিশোৰক স্কুটি ভাৰালৈ দি জৰিমনা ভৰিল ২৬ হাজাৰ টকা : স্কুটিখনো জব্দ কৰ্তৃপক্ষৰ

be0676c2235dc7b30d782fb08c6eb3e3

এটি কিশোৰক স্কুটি ভাৰাত চলাবলৈ দি এজন লোকে ২৬,০০০ টকা জৰিমনা ভৰিবলগীয়া হৈছে। ইমানেই নহয়, মটৰ ভেহিক্যল এক্ট, ২০১৯ উলংঘা কৰাৰ বাবে স্কুটিখনকো জব্দ কৰিছে মটৰ পৰিবহণ বিভাগে।

ঘটনাটো সংঘটিত হৈছে ওড়িশাৰ ভুৱনেশ্বৰৰ খান্দাগিৰি অঞ্চলত।

ঘটনাৰ বিৱৰণী অনুসৰি মটৰ পৰিবহণ বিভাগৰ তালাচী চলাই থকা এটা দলে হেলমেট পৰিধান নকৰা এখন স্কুটিৰ আৰোহীক ৰখায়।

আৰোহীজনক ৰখাই তালাচী চলোৱা দলটোৱে স্কুটিখনৰ কাগজ পত্ৰ পৰীক্ষা কৰাত স্কুটিৰ গৰাকীয়ে উক্ত আৰোহীজনক স্কুটিখন ভাৰাত চলাবলৈ দিয়াৰ কথা পোহৰলৈ আহে।

আৰোহীগৰাকীক চালকৰ অনুজ্ঞাপত্ৰ বিচাৰোতে তেওঁ যে এগৰাকী কিশোৰ সেয়া স্পষ্ট হয়।

দলটোৱে ইয়াৰ পিছতে স্কুটিখনৰ গৰাকী নিৰঞ্জন দাসক মটৰ ভেহিক্যল এক্ট, ২০১৯ উলংঘা কৰাৰ অপৰাধত ২৬,০০০ টকাৰ জৰিমনা বিহে।

মটৰ ভেহিক্যল আইন ভংগ কৰি এগৰাকী কিশোৰক ভাৰালৈ স্কুটি দিয়াৰ অপৰাধত ২৫,০০০ টকা আৰু কিশোৰ আৰোহীজনে হেলমেট পৰিধান নকৰাৰ বাবে ১,০০০ জৰিমনা বিহা হয়।

আনহাতে আৰোহীৰ চালকৰ অনুজ্ঞাপত্ৰ নথকাৰ বাবে মটৰ পৰিবহণ বিভাগে মটৰ ভেহিক্যল আইন ২০৭ ধাৰাত স্কুটিখন জব্দও কৰে।

উল্লেখ্য যে তদ্ৰূপ এটা ঘটনা ওড়িশাত যোৱা ফেব্ৰুৱাৰীৰ মাহত সংঘটিত হৈছিল। এগৰাকী কিশোৰক এখন দুচকীয়া ভাৰালৈ এজন লোকে ৪২,৫০০ টকা জৰিমনা ভৰিব লগা হৈছিল।