NORTHEAST NOW (Assamese)

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰপত্ৰ পূৰণৰ সবিশেষ জানক

September 13, 2019 1:12 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

ছেবাই আগন্তুক বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে।

ছেবাই জাৰি কৰা জাননী অনুসৰি ১৪ অক্টোবৰৰ পৰা অনলাইন প্ৰপত্ৰ পূৰণ আৰম্ভ হ’ব।

৯ নৱেম্বৰ, ২০১৯ হ’ব প্ৰপত্ৰ পূৰণৰ অন্তিম দিন।

চালান কটাৰ অন্তিম তাৰিখ ১১ নৱেম্বৰ, ২০১৯ বুলি জাননীটোত ছেবাই প্ৰকাশ কৰিছে।

আনহাতে, বেংকত টকা জমা দিয়াৰ অন্তিম তাৰিখ হৈছে ১৩ নৱেম্বৰ, ২০১৯।

প্ৰপত্ৰ পূৰণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাৱলী ছেবাৰ অনলাইন পোৰ্টেলত উপলব্ধ হ’ব।

উল্লেখযোগ্য যে, এতিয়ালৈ ছেবাৰ তৰফৰ পৰা ২০২০ বৰ্ষৰ অসম হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা তাৰিখ আৰু সূচী ঘোষণা কৰা নায়।

২০১৯ চনত ৩,৪২,৭০২ গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ৯,৪৪১ গৰাকী শিক্ষাৰ্থীয়ে হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

Related News