NORTHEAST NOW (Assamese)

দিব্যাংগ সকলৰ বাবে প্ৰথমবাৰলৈ ছেবাৰ ব্ৰ্ৰেইলী প্ৰশ্ন কাকত

February 7, 2019 7:26 pm · এন ই নাও নিউজ
Updated: February 7, 2019 7:41 pm
বাৰ্লি প্ৰশ্ন কাকত। ফটো সৌজন্য: স্কুপ.কো.এন জেড

দিব্যাংগ সকলৰ সহায়ৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে হাতত লৈছে বিশেষ ব্যৱস্থা। ১৪ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিব্যাংগ (দৃষ্টি শক্তিহীন)শিক্ষাৰ্থী সকলৰ বাবে আগবঢ়োৱা হ’ব ব্ৰ্ৰেইলী প্ৰশ্ন কাকত। আছাম ট্ৰিবিউনৰ সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে।

ছেবাই অতিশীঘ্ৰে দৃষ্টি শক্তিহীন পৰিক্ষাৰ্থীসকলে পৰীক্ষাত বহিবলগীয়া পাচটা পৰীক্ষা কেন্দ্ৰলৈ ব্ৰ্ৰেইলী প্ৰশ্ন কাকত প্ৰেৰণ কৰিব।পৰীক্ষাত অন্য লেখকৰ সহায় ল’বলগীয়া হোৱা দৃষ্টি শক্তিহীন পৰীক্ষাৰ্থী সকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই। চলিত বৰ্ষত ১৩ গৰাকী দৃষ্টি হীন পৰীক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। এই শিক্ষাৰ্থী সকলক ব্ৰ্ৰেইলী প্ৰশ্ন কাকতৰ উপৰিও সাধাৰণ প্ৰশ্নকাকতো আগবঢ়োৱা হ’ব।

ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই উল্লেখ কৰে যে পৰিষদে সাধাৰণ প্ৰশ্নকাকতৰ ঠাইত ব্ৰ্ৰেইলী প্ৰশ্নকাকত প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ হঠাৎ পৰিবৰ্তন সাধন কৰিব বিচৰা নাই।  দৃষ্টি হীন পৰীক্ষাৰ্থীৰ অসুবিধাৰ বাবেহে তেওঁলোকৰ বাবে প্ৰযোজ্য হোৱাকৈ ব্ৰ্ৰেইলী প্ৰশ্ন কাকতৰ ব্যৱস্থা কৰা হৈছে বুলি শৰ্মাই  কয়। দৃষ্টি শক্তিহীন পৰিক্ষাৰ্থী সকলে লাভ কৰা অন্যান্য ধৰণৰ সুবিধা সমূহ যেনে নৱম শ্ৰেণীৰ ছাত্ৰই লেখাৰ ক্ষেত্ৰত সহায় কৰা আৰু অতিৰিক্ত এঘন্টা সময় লাভ কৰা সুবিধা সমূহ বাহাল থাকিব।

Related News