হিথাৰ নাইট বাহিনীক পৰাস্ত কৰি সমতা স্থাপনৰ লক্ষ্য স্মৃতি মান্ধানা বাহিনীৰ

আজি বৰ্ষাপাৰাত দ্বিতীয় মহিলা টি-২০ মেচ, শৃংখলাত ১-০ত পিছ পৰি আছে ভাৰত

T20 India team practice (5)

অনুশীলনৰ সময়ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কেপ্তেইন স্মৃতি মান্ধানা। ফটো : য়ু বি

ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হৈ থকা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৪১ ৰানত পৰাস্ত হোৱাৰ পাছত আজি সমতা স্থাপনৰ লক্ষ্যৰে দ্বিতীয়খন খেলত অৱতীৰ্ণ হ’ব স্মৃতি মান্ধানা বাহিনী।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা শৃংখলাটোৰ প্ৰথমখন মেচত বেটিং ব্যৰ্থতাৰ বাবেই ভাৰতীয় দলটোৱে মুখ ঠেকেচা খাব লগীয়া হৈছিল। শীৰ্ষক্ৰমৰ বেটছমেন সকলক লৈ টিম মেনেজমেণ্ট চিন্তিত যদিও খেলুৱৈ সকল আত্ম বিশ্বাসেৰে আজি খেলপথাৰত নামিব।

উল্লেখ্য যে প্ৰথমখন মেচত ভাৰতীয় দলৰ তাৰকা বেটছমেন তথা অধিনায়ক স্মৃতি মান্ধানা, অভিজ্ঞ মিতালী ৰাজ, জেমিমা ৰড্ৰিণ্ডজ  আৰু হাৰলিন দেউল সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছিল যদিও আজিৰ মেচত ভাল প্ৰদৰ্শন আগবঢ়াব বুলি অনুৰাগীয়ে আশা প্ৰকাশ কৰিছে।

ইফালে প্ৰথম খেলত দুৰ্দান্ত বেটিং প্ৰদৰ্শন আগবঢ়োৱা ইংলেণ্ডৰ বেটছমেন ক্ৰমে ডেনিয়েন ৱেট, টেমী বিউমণ্ট আৰু অধিনায়ক হিথাৰ নাইটৰ প্ৰদৰ্শনৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰতীয় দলৰ বিজয়। কিয়নো এই তিনিগৰাকী বেটছমেনক যদি ভাৰতীয় বলাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে হাতৰ পৰা যাব টি-২০ৰ শৃংখলা।

ইফালে প্ৰথম মেচৰ ভুলবোৰ পাহৰি আজি দ্বিতীয়খন মেচত ভাৰতীয় দলটো অধিক আত্মবিশ্বাসেৰে খেলপথাৰত অৱতীৰ্ণ হ’ব বুলি অধিনায়ক স্মৃতি মান্ধানাই জানিবলৈ দিয়ে।