৩১ অক্টোবৰৰ পৰা দ্বিতীয় নাগালেণ্ড চলচ্চিত্ৰ মহোৎসৱ

Nagaland film festivel

নাগালেণ্ড চলচ্চিত্ৰ মহোৎসৱ

বৃহস্পতিবাৰৰ পৰা নাগালেণ্ডৰ ৰাজধানী কহিমাত দুদিনীয়া কাৰ্য্যসূচীৰে দ্বিতীয় নাগালেণ্ড চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব।

নাগালেণ্ড চলচ্চিত্ৰ সন্থাৰ সহযোগত নাগালেণ্ডৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে চলচ্চিত্ৰ মহোৎসৱখনি আয়োজন কৰিছে।

চলচ্চিত্ৰ মহোৎসৱখনিত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰা হ’ব।

উদ্যোক্তা সমিতিয়ে বিভিন্ন চলচ্চিত্ৰ পৰিচালকৰ চলচ্চিত্ৰ সমূহক প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীত ভাগ লোৱাৰ বাবে আমন্ত্ৰণ জনাইছে।

চলচ্চিত্ৰ মহোৎসৱখনিত দুটা শাখাত প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ’ব- শ্ৰেষ্ঠ চুটি ছবি (সৰ্বাধিক ১০ মিনিট) আৰু শ্ৰেষ্ঠ তথ্য চিত্ৰ (সৰ্বাধিক ১০ মিনিট)

প্ৰতিটো শাখাৰে শ্ৰেষ্ঠ চলচ্চিত্ৰখনে ৫০,০০০ টকা পুৰস্কাৰ হিচাপে লাভ কৰিব।

দুদিনীয়া চলচ্চিত্ৰ মহোৎসৱখনিত প্ৰতিযোগিতাৰ উপৰিও চুটি ছবি, তথ্যচিত্ৰকে ধৰি মুঠ ১৮ খন ছবি প্ৰদৰ্শন কৰা হ’ব।

বিশিষ্ট অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ’, ‘বুলবুল ক্যান চিং’আৰু ভাস্কৰ হাজৰিকাৰ ‘আমিষ’ নামৰ চলচ্চিত্ৰ তিনিখনো চলচ্চিত্ৰ মহোৎসৱখনিত প্ৰদৰ্শন কৰা হ’ব।