• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বতৰৰ বিধি পথালি : আজি বিয়লি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2019 10:36 am
15-04-19 Dima Hasao- polling officials carrying EVMs & VVPATs (4)

ডিমা হাচাওত ভিতৰুৱা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে সা-সজুলি লৈ যাবলৈ সাজু নিৰ্বাচনী দায়িত্ববাহী বিষয়াসকল। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙালী বিহুৰ উলাহৰ মাজতে সপ্তমত উঠা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আজি অন্ত পৰিব। আজি বিয়লি ৫ বজাৰ লগে লগে এই প্ৰচাৰ অভিযানৰ অন্ত পৰিব। যোৱা দুদিনৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণৰ বতৰৰ বাবে প্ৰচাৰ অভিযান কিছু স্তিমিত হোৱা দেখা যায়।

অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনৰ ৫টা সমষ্টিত হ’ব ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু স্বায়ত্ত শাসিত (ডিফু) সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Apply Now

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনৰ মুঠ ৮,৯৯২টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সৰ্বমুঠ ৬৮,৩৬,৪৯৬গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া দ্বিতীয় পৰ্যায়ত মুঠ ৫০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

উল্লেখযোগ্য যে  মুঠ ৬০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও ইয়াৰে ৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নিৰ্বাচন আয়োগে বাতিল কৰে আৰু ৬গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিৰ কৰিমগঞ্জত কংগ্ৰেছ, এআইয়ুডিএফ আৰু বিজেপিৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ বাহিৰে বাকী চাৰিটা সমষ্টি ক্ৰমে মঙলদৈ, নগাঁও, শিলচৰ আৰু স্বায়ত্ত শাসিত (ডিফু) সমষ্টিত নিৰ্বাচনী যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব।

নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ বিজেপিয়ে অধিক চমক প্ৰদৰ্শন কৰা দেখা গৈছে। বিজেপিৰ প্ৰচাৰ অভিযানৰ গুৰি ধৰা ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি সন্ধিয়া ৰোড শ্বোত অংশগ্ৰহণ কৰি ব্যাপক প্ৰচাৰ চলাইছে। শিলচৰ আৰু মঙলদৈত শৰ্মাই ৰোড শ্বোৰ জৰিয়তে ব্যাপক সঁহাৰি লাভ কৰা বুলিও দাবী কৰে।

বিজেপিৰ হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে।

ইয়াৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে শিলচৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুষ্মিতা দেবৰ এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰি চমক দিয়ে।

তদুপৰি, কংগ্ৰেছৰ হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। আনহাতে, অসম গণ পৰিষদ, এআইয়ুডিএফ, বিপিএফ, য়ুপিপিএল, চিপিআই(এম) তথা নিৰ্দলীয়া প্ৰাৰ্থীসকলেও নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰ চলাইছে।

আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক, উন্নয়ন, খিলঞ্জীয়াৰ সুৰক্ষা, নিবনুৱা সমস্যাকে আদি কৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে।

ইপিনে, অতি ভিতৰুৱা অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ভোটগ্ৰহণৰ সা-সঁজুলিসমূহ লৈ বিষয়াসকল ৰাওনা হৈছে। পাহাৰীয়া জিলাৰ কিছুমান অতি ভিতৰুৱা ভোটগ্ৰহণ কেন্দ্ৰ আছে য’ত বহু বাটকুৰি বাই যাব লাগে।

আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি ভোটগ্ৰহণৰ দিনা বৰষুণ দিয়াৰ লগতে বতৰ সেমেকা হোৱাৰ সম্ভাৱনা আছে। বতৰ অধিক ডাৱৰীয়া আৰু সেমেকা হ’লে ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd