আজি ৰাতিপুৱাই দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী দ্বিতীয়খন বিশেষ ৰেইল মৰিয়নীত উপস্থিত
আজি ৰাতিপুৱাই দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী দ্বিতীয়খন বিশেষ যাত্ৰীবাহী ৰেইল মৰিয়নীত উপস্থিত হয়। পুৱা প্ৰায় ৩.৩০ বজাত মৰিয়নী জংচনত উপস্থিত হয় ৰেইলখন৷
উজনিৰ ৩ খন জিলাৰ মুঠ ২৯ গৰাকী যাত্ৰী মৰিয়নী জংচনত নামে৷ গোলাঘাট জিলাৰ ১৫ গৰাকী, যোৰহাট জিলাৰ ১১ গৰাকী, শিৱসাগৰ জিলাৰ ৩ গৰাকী যাত্ৰী ৰেইলখনৰ পৰা নামে৷
পুৱাই মৰিয়নী জংচনত উপস্থিত থাকে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, চিকিৎসক, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা যোৱা চিকিৎসা কৰ্মীৰ দল, ৰেইল বিভাগৰ বিষয়ববীয়াৰ লগতে ৰেইল আৰক্ষীৰ দল৷
যাত্ৰী সকলক মৰিয়নী জংচনৰ বাহিৰ ভাগত স্কেনিং কৰে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা৷ স্কেনিঙৰ অন্তত জিলা দণ্ডাধীশ সকলে বাছযোগে নিজ নিজ জিলাৰ কোৱাৰেন্টাইন চেন্টাৰলৈ যাত্ৰী সকলক লৈ যায়৷
মৰিয়নী জংচনত ৰেইলৰ পৰা নমা কোনো যাত্ৰীৰ ক’ভিড সম্পৰ্কীয় কোনো লক্ষণ নাই বুলি জানিবলৈ দিয়ে স্বাস্থ্য কৰ্মী তথা চিকিৎকৰ তৰফৰ পৰা৷
মৰিয়নী জংচনত যাত্ৰী সকলক বিৰোধী দলৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি আদৰণি জনায় আৰু পৰিস্থিতি তদাৰক কৰে l
বিধায়ক গৰাকীয়ে যাত্ৰী সকলৰ বাবে একাপ চাহ আৰু শিশু সকলৰ বাবে শিশু খাদ্যৰ যোগান ধৰিবলৈ প্ৰশাসনক অনুৰোধ কৰে।