বাঘজানত পুনৰ বান, তৈল খাদৰ জুই নিৰ্বাপনত বাধাৰ সৃষ্টি

Water-Inundated-Well-Site

বাঘজানৰ তৈল খাদত সংঘটিত দুৰ্ঘটনাৰ পিছত অইল ইণ্ডিয়া লিমিটেড আৰু সেনাই দিনে- নিশাই জুই নিৰ্বাপনৰ চে্ষ্টা অৱ্যাহত ৰাখিছিল যদিও অঞ্চলটোত পুনৰ বান পৰিস্থিতিৰ অৱনতি ঘটাত জুই নিৰ্বাপনৰ কামত বাধাৰ সৃষ্টি হৈছে।

বাঘজানৰ সমীপৰে বৈ যোৱা ডাঙৰী নৈ পুনৰ ফেনে ফুটুকাৰে বাঢ়ি অহাত সমগ্ৰ অঞ্চলটো ভযংকৰ বানৰ কৱলত পৰিছে।

অইল ইণ্ডিয়া লিমিটেডে বাঘজানৰ তৈল খাদৰ জুই ৭ জুলাইৰ ভিতৰত নিয়ন্ত্ৰণলৈ আনিব পৰা যাব বুলি আশা কৰিছিল যদিও শেহতীয়া বান পৰিস্থিতিৰ বাবে সেয়া হৈ উঠা নাই।

বাঘজানৰ যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছে সেই স্থানলৈ যোৱা সকলো পথ ইতিমধ্যে বানত বুৰ গৈছে।

অইল ইণ্ডিয়া লিমিটেড জুই নিৰ্বাপনৰ বাবে ব্যৱহাৰ কৰা সা-সৰমঞ্জাম সমূহ নিৰাপদ স্থানলৈ আঁতৰাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

বাঘজানৰ ১১ টা তেলৰ খাদ আৰু ৫ টা গেছৰ খাদ এতিয়া সম্পূৰ্ণ ৰূপে পানীৰ তলত থকা বুলিঅইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী কৰ্মকৰ্তাই প্ৰকাশ কৰিছে।

বহু সা-সৰমঞ্জাম সেনাৰ সহযোগত দুলীয়াজানলৈ স্থানান্তৰিত কৰা হৈছে বুলি তেওঁ কয়।

বাঘজানত বান আৰু তৈল খাদত হোৱা দুৰ্ঘটনাৰ ফলত অইল ইণ্ডিয়া লিমিটেডে প্ৰায় ৪৫২ মেট্ৰিক টন খাৰুৱা তেল উৎপাদনৰ পৰা বঞ্চিত হৈছে বুলি জানিব পৰা গৈছে।