NORTHEAST NOW (Assamese)

বিজেপিৰ সৈতে গোপন বুজাবুজি! কংগ্ৰেছৰ পৰা ‘ঘৰ বিভীষণ’ক বহিষ্কাৰৰ পৰিকল্পনা ৰাহুলৰ

March 9, 2025 12:24 pm · এন ই নাও নিউজ, গুৱাহাটী

কংগ্ৰেছৰ ভিতৰচৰাত প্ৰতাৰণাৰ খেল চলি আছে নেকি? তাৰ মানে দলৰ ভিতৰত লুকাই আছে নেকি বিভীষণ? এইবাৰ ৰাহুল গান্ধীয়ে এই বিষয়ত দলৰ নেতাসকলক স্পষ্টকৈ কয় যে আমি যদি কংগ্ৰেছত থাকিব বিচাৰো তেন্তে সকলোৱে মিলি কাম কৰিব লাগিব। তেওঁ দাবী কৰে যে কংগ্ৰেছত থাকিও বহু নেতাই গোপনে বিজেপিৰ হৈ কাম কৰি আছে।

শনিবাৰে গুজৰাটত কংগ্ৰেছ কৰ্মী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে দলটোৰ আভ্যন্তৰীণ সমস্যাক লৈ ক্ষোভ প্ৰকাশ কৰে। দলটো শোধন কৰিবলৈ প্ৰয়োজন হ’লে ৪০ জন নেতাক বহিষ্কাৰ কৰিবলৈ সাজু বুলিও কয়। ৰাহুলে বিজেপি শাসিত ৰাজ্যসমূহত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দলৰ ভিতৰৰ আভ্যন্তৰীণ বিভাজনৰ বাবে দোষাৰোপ কৰে।

ৰাহুল গান্ধীয়ে কয় যে গুজৰাট কংগ্ৰেছত দুই প্ৰকাৰৰ নেতা আছে – এটা গোট সঁচাকৈয়ে জনসাধাৰণৰ পক্ষত থাকে, আনটো গোটে সাধাৰণ জনতাৰ পৰা দূৰত্ব বজাই ৰাখে। গুজৰাটৰ জনসাধাৰণৰ কাষ চাপিবলৈ হ’লে এই দুটা গোটক পৃথক কৰাটো প্ৰয়োজন।

বিজেপিৰ সৈতে গোপন সম্পৰ্ক থকা নেতাসকললৈ ৰাহুলৰ স্পষ্ট বাৰ্তা হৈছে- ‘কংগ্ৰেছৰ পৰা যিসকলে বিজেপিৰ হৈ কাম কৰি আছে, তেওঁলোকে নিজাববীয়াকৈ গুচি যাওক। আমি চাম, বিজেপিত আপোনাৰ কোনো স্থান নাই। সুবিধা পালে তোমাক আঁতৰাই দিব।’

দলৰ নেতা-কৰ্মীক উৎসাহিত কৰি ৰাহুলে কয় যে, কেৱল নিৰ্বাচনত যুঁজিলেই নহ’ব। মানুহৰ আস্থা অৰ্জন কৰিব লাগিব। দায়িত্ব সঠিকভাৱে পালন নকৰালৈকে গুজৰাটৰ ৰাইজে কংগ্ৰেছক সমৰ্থন নকৰে।

ইফালে বিজেপিয়ে ৰাহুল গান্ধীৰ মন্তব্যক আহিলা হিচাপে ব্যৱহাৰ কৰিছে। বিজেপি নেতাৰ দাবী, ‘ৰাহুল গান্ধীয়ে গুজৰাটত নিজৰ দলটোক ট্ৰ’ল কৰি আছে। তেওঁ বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ।’

Related News