• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোপনে আক্ৰমণ কৰিছে নেকি কিডনি ৰোগে? নিশাৰ ৬টা লক্ষণত বুজি লওক বিপদৰ সংকেত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 11:58 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হ’ল বৃক্ক (কিডনি)। এই অংগটোৱে প্ৰস্ৰাৱৰ পৰা আৰম্ভ কৰি শৰীৰৰ হৰম’নৰ ভাৰসাম্য আৰু ৰক্তচাপ নিয়ন্ত্ৰণলৈকে একাধিক গুৰুত্বপূৰ্ণ কাম এককভাৱে চম্ভালে। সুস্থ হৈ থাকিবলৈ বৃক্কৰ সুস্বাস্থ্য বজাই ৰাখিব লাগে।

মানুহৰ শৰীৰত দুটা বৃক্ক থাকে, গতিকে এটা বিকল হ’লেও আনটোৱে কাম কৰি থাকিব পাৰে। ফলত আন অংগৰ দৰে প্ৰথমতে বৃক্কৰ ক্ষতিৰ আভাস দেখা নাযায়। আৰু যদি সময়মতে বৃক্কৰ সমস্যা ধৰা নপৰে তেন্তে সুস্থ হোৱাৰ সম্ভাৱনাও কমি যায়। কিন্তু শৰীৰত কিছুমান লক্ষণ দেখা যায় যিয়ে বৃক্কৰ স্বাস্থ্যৰ ইংগিত দিব পাৰে। বিশেষকৈ নিশা কিছুমান বিশেষ লক্ষণ দেখা পালে সজাগ হোৱাটো জৰুৰী। সেই বিষয়ে জানো আহক-

Apply Now

১. নিশা অত্যধিক প্ৰস্ৰাৱ – সঘনাই প্ৰস্ৰাৱ কৰাটো কেৱল ডায়েবেটিছৰ লক্ষণেই নহয়, বৃক্কৰ ৰোগৰ বাবেও হ’ব পাৰে। যাক চিকিৎসাৰ ক্ষেত্ৰত নক্চুৰিয়া বোলা হয়। বিশেষকৈ ৰাতি স্বাভাৱিকতকৈ বেছি প্ৰস্ৰাৱ কৰিলে সাৱধান হ’ব লাগিব।

২. হাত-ভৰি ফুলা – ৰাতি শুই থকাৰ সময়ত যদি হাত-ভৰিৰ অস্বাভাৱিক ফুলা লক্ষ্য কৰে, তেন্তে ইয়াক আওকাণ নকৰিব। বৃক্কৰ সমস্যাই শৰীৰত ছডিয়ামৰ ভাৰসাম্য বিঘ্নিত কৰে। যাৰ ফলত হাত-ভৰি ফুলি উঠে। যদি আপোনাৰ ভৰিৰ আঙুলি, ভৰি বা গোৰোহা ফুলি উঠে কিন্তু কোনো বিষ অনুভৱ নকৰে তেন্তে ই বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে।

৩. অনিদ্ৰা – যদি কিডনিয়ে সঠিকভাৱে কাম নকৰে তেন্তে বৰ্জ্য পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ হ’ব নোৱাৰে। যাৰ ফলত টোপনিৰ ব্যাঘাত জন্মে। দেখা গৈছে যে সুস্থ লোকতকৈ বৃক্কৰ ৰোগত আক্ৰান্ত লোকৰ টোপনিৰ সমস্যা বেছি। গতিকে হঠাৎ অনিদ্ৰা হ’লে ইয়াক গুৰুত্বসহকাৰে ল’ব লাগে।

৪. ক্লান্তি – দিনটোৰ কামৰ শেষত ভাগৰুৱা অনুভৱ কৰাটো স্বাভাৱিক। কিন্তু অত্যধিক ভাগৰুৱা অনুভৱ কৰিলে সাৱধান হোৱাটো জৰুৰী। চিকিৎসকৰ মতে যদি বৃক্কৰ কাৰ্য্যক্ষমতা স্বাভাৱিক নহয় তেন্তে শৰীৰত কম পৰিমাণে ৰক্তকণিকা উৎপন্ন হয়। যাৰ ফলত ৰক্তহীনতাৰ সমস্যা হয়। ইয়াৰ ফলত মগজুত অক্সিজেনৰ অভাৱ হয়।

৫. উশাহ লোৱাত কষ্ট পোৱা – গোটেই দিনটো সকলো ঠিকেই থাকে, কিন্তু ৰাতি শুই পৰাৰ ঠিক পিছতেই যদি হঠাতে উশাহ লোৱাত কষ্ট হয়, তেন্তে ই বৃক্ক বিকল হোৱাৰ লক্ষণ হ’ব পাৰে। দৰাচলতে বৃক্কৰ সমস্যাৰ ফলত শৰীৰত থকা তৰল পদাৰ্থৰ পৰিমাণৰ পৰিৱৰ্তন ঘটে। ইয়াৰ ফলত হাওঁফাওঁৰ ওপৰত চাপ পৰে। ৰাতি শোৱাৰ পিছত এই সমস্যা আৰু বেছি বেয়া হয়।

৬. ছালৰ ফোহা – যদি কিডনীয়ে শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থ সঠিকভাৱে আঁতৰাব নোৱাৰে তেন্তে ছালতো লক্ষণ দেখা দিব পাৰে। ছালৰ ফোহা, খজুৱতি, বিষ হ’ব পাৰে। হাত, মুখ, ভৰিৰ বিভিন্ন ছালৰ সমস্যা দেখা দিব পাৰে। তেনে কোনো লক্ষণ দেখা পালে সাৱধান হওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd