DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

সন্ত্ৰাসমুক্তৰ পণ! ২০২২ বৰ্ষত জম্মু-কাশ্মীৰত ৯৩ টা এনকাউণ্টাৰত নিহত ১৭২ সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2022 6:18 pm
172 terrorists killed in Kashmir in 2022
87
VIEWS
Share on FacebookShare on Twitter

ভূ-স্বৰ্গ খ্যাত জম্মু-কাশ্মীৰক সন্ত্ৰাসবাদ মুক্ত কৰি তোলাৰ পণ লৈছে গৃহ মন্ত্ৰালয়ে। গৃহ মন্ত্ৰালয়ৰ এই লক্ষ্যক ৰূপায়িত কৰাৰ বাবে উপত্যটোত কঠোৰ হৈ পৰিছে নিৰাপত্তা বাহিনী। সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে এই বৰ্ষত জম্মু-কাশ্মীৰত নিৰবিচ্ছিন্ন ৰূপত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলায় নিৰাপত্তা বাহিনীয়ে।

আজি চলিত বৰ্ষৰ শেষৰ দিনটোত জম্মু-কাশ্মীৰ আৰক্ষীয়ে দাঙি ধৰিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই বৰ্ষত সফলতাৰ তথ্য। আৰক্ষীৰ তথ্য অনুসৰি ২০২২ বৰ্ষত কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত শান্তি নিশ্চিত কৰিবলৈ ৯৩ টা সফল এনকাউণ্টাৰ কৰি ৪২ বিদেশী সন্ত্ৰাসবাদীকে ধৰি মুঠ ১৭২ সন্ত্ৰাসবাদীক হত্যা কৰিছে।

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে সদৰী কৰা মতে নিহত প্ৰায় ১০৮ সন্ত্ৰাসবাদী মূলতঃ লস্কৰ-ই-তৈবা আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (TRF)ৰ সদস্য আছিল। আনহাতে জইছ-ঈ-মহম্মদৰ ৩৫ গৰাকী, হিজবুল-মুজাহিদিনৰ ২২ গৰাকী, আল-বদৰৰ ৪ গৰাকী আৰু আনছাৰ গাজৱাত-উলৰ-হিন্দৰ ৩ গৰাকী সদস্য এই বৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় বুলি তেওঁ সদৰী কৰে।

আনহাতে আৰক্ষী বিষয়া গৰাকীৰ তথ্য মতে, এই বৰ্ষত সন্ত্ৰাসবাদী গোটত ১০০ সদস্যৰ নতুন নিযুক্তিৰ বাতৰি পোৱা গৈছিল। এই সংখ্যা যোৱা বছৰৰ তুলনাত ৩৭ শতাংশ হ্ৰাস পায় বুলি তেওঁ লগতে উল্লেখ কৰে। মুঠ নতুন নিযুক্তিৰ ভিতৰত ৬৫ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হৈছে, ১৭ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৮ গৰাকী এতিয়াও সক্ৰিয় হৈ আছে বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে গৃহমন্ত্ৰী অমিত শ্বাহে চলিত সপ্তাহৰ আৰম্ভণিতে জম্মু-কাশ্মীৰৰ সাধাৰণ মানুহৰ মংগল সুনিশ্চিত কৰিবলৈ উপত্যকাটোত সন্ত্ৰাসবাদীক গতি প্ৰদান কৰা পৰিৱেশতন্ত্ৰ ভাঙি পেলোৱাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কঠোৰভাৱে মানি চলিবলৈও গৃহমন্ত্ৰী শ্বাহে বিষয়াসকলক নিৰ্দেশ দিছিল।

Recent News

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd