আজি পুৱাৰ ভাগত অসম ৰাইফলছৰ DAO Division ৰ অধীনৰ এটা দলে অভিযান চলোৱাৰ সময়ত এন এছ চি এন (য়ু)ৰ সৈতে গুলীয়াগুলী লগাৰ ফলত বিদ্ৰোহী সংগঠনটোৰ এজন সদস্য নিহত হয়।
নাগা বিদ্ৰোহী সংগঠনটোৰ দুজনমান সদস্যই টিৰাপ জিলাৰ খুনচাত বাহৰ পতা আৰু অঞ্চলটোৰ লোকসকলৰ পৰা ধন দাবী কৰাৰ খবৰ পাই আছাম ৰাইফলছৰ খুনছা বেটেলিয়নৰ এটা দলে ততাতৈয়াকৈ অভিযান চলায়।
জানিব পৰামতে, পুৱা ৭ বজাতে সেনাৰ দলটোৱে গাঁওখন ঘেৰি অভিযান চলায়। আছাম ৰাইফলছৰ ভাষ্যমতে, অভিযানৰ সময়ত এন এছ চি এন (য়ু) দলটোৱে সেনাক উদ্দেশ্যি গুলীচালনা কৰে। তাৰ পিছত প্ৰায় দুঘণ্টা ধৰি দুয়ো পক্ষৰ প্ৰচণ্ড গুলীয়াগুলী চলে। এই সংঘৰ্ষত গাঁওবাসী ত্ৰস্তমান হৈ পৰে।
আছাম ৰাইফলছৰ সূত্ৰই দাবী কৰামতে, ৰাইফলছৰ গুলীত উগ্ৰপন্থী দলটোৰ এজন কেডাৰ নিহত হয় আৰু আনকেইজন পলাই যায়।
নিহত কেডাৰজনক এই পৰ্য্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই। ঘটনাস্থলীৰ পৰা সেনাই এটা এইচ্ছ কে-৩৩ স্বয়ংক্ৰিয় ৰাইফল আৰু অন্যান্য ভালেমান অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ইপিনে উগ্ৰপন্থী দলটোৰ আনকেইজন সদস্যক বিচাৰি ১৬ নং অসম ৰাইফলছে বাতৰি লিখা পৰলৈকে অভিযান অব্যাহত ৰাখিছে বুলি সূত্ৰত প্ৰকাশ।