NORTHEAST NOW (Assamese)

হায় অসম আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা : কাৰাগাৰৰ কয়দীৰ পৰা জব্দ মোবাইল, কেমেৰা, নিষিদ্ধ সামগ্ৰী

February 17, 2024 8:54 pm ·
Updated: February 17, 2024 8:01 pm

পুনৰ পোহৰলৈ আহিছে অসম আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ চূড়ান্ত ব্যৰ্থতা। শনিবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ এন এছ এৰ কোষৰ কয়দীৰ পৰা উদ্ধাৰ  হৈছে স্পাই কেমেৰা, স্মাৰ্টফোন, পেন ড্ৰাইভ, হেড ফোন, স্মাৰ্ট কেমেৰা, ৰিমৰ্ট আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী । 

উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে ডিব্ৰুগড়ৰ এই কেন্দ্ৰীয় কাৰাগাৰৰ এই এন এছ এ কোষতে বন্দী হৈ আছে খালিস্তানী সন্ত্ৰাসবাদী গোট ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিং আৰু তেওঁৰ ৯ জনকৈ সহযোগী ।

২০২৪ চনৰ ২৩ এপ্ৰিলত পঞ্জাৱ আৰক্ষীয়ে পঞ্জাৱৰ মোগা জিলাৰ পৰা অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল।

শনিবাৰে এক্স হেণ্ডেলত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে এটা টুইটযোগে কয় যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ এন এছ এ কোষৰ কয়দীৰ পৰা স্মাৰ্টফোন, স্মাৰ্ট ঘড়ী, পেনড্ৰাইভ, স্পাই কেমেৰা আদি বহুতো নিষিদ্ধ সামগ্ৰী জব্দ কৰা হৈছে। 

ইয়াৰ লগতে নিৰাপত্তাত হোৱা গাফিলতি সম্পৰ্কে ব্যৱস্থা গ্ৰহণৰ লগতে উক্ত কোষটোত চিচি টিবি স্থাপনৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে। 

Related News