অভেদ্য দুৰ্গত পৰিণত দিল্লী সীমান্ত; কৃষকৰ প্ৰতিবাদৰ পূৰ্বে সষ্টম আৰক্ষী, জাৰি ১৪৪ ধাৰা

ফাইল ফটোঃ সংগ্ৰহীত।

নূন্যতম সহায়ক মূল্য (এম এছ পি)কে ধৰি কৃষিৰ সৈতে জড়িত একাধিক দাবীৰে কৃষকসকলে পুনৰবাৰ ৰাজধানী দিল্লী ঘেৰাও কৰিবলৈ সাজু হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ ন্যায্য দাবীৰ বিষয়ে আলোচনা কৰিবলৈ অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা  ‘দিল্লী চলো’ পদযাত্ৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে কৃষকসকলে।

ইতিমধ্যে আন্দোলনৰ বাবে দিল্লীলৈ বুলি ভিৰ কৰিছে পঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলে। ইফালে আন্দোলনৰ পূৰ্বে হাৰিয়ানাৰ পৰা দিল্লীলৈকে সীমান্তত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে।

লগতে পঢ়কঃ অসমীয়াকে ধৰি ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ নিযুক্তি পৰীক্ষা

২০২০-২০২১ চনত কৃষকৰ প্ৰতিবাদৰ সাক্ষী হৈছিল ৰাজধানী দিল্লী। এবছৰ ধৰি এই প্ৰতিবাদ অব্যাহত থাকে। এইবাৰ আন্দোলনৰ প্ৰভাৱ যাতে দিল্লীত নপৰে তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। দিল্লী সীমান্তৰ কাষৰীয়া অঞ্চলসমূহ ছীল কৰি দিয়া হৈছে।

সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই `দিল্লী চলো’ কাৰ্যসূচী ঘোষণা কৰিছে। এই দুয়োটা সংগঠনে দুশ কৃষক ইউনিয়নৰ সৈতে আন্দোলনৰ আহ্বান জনাইছে। অধিকাংশ সংগঠনেই পঞ্জাৱ-হাৰিয়ানাৰ। এই কাৰণেই ‘দিল্লী চলো’ পদযাত্ৰাত অংশগ্ৰহণ কৰা কৃষকসকলো এই দুখন ৰাজ্যৰ।

লগতে পঢ়কঃ পথ দুৰ্ঘটনাত প্ৰশিক্ষকসহ মৃত্যু মাৰাথনত বিশ্ব অভিলেখধাৰী এথলেট কেলভিন কিপটামৰ

কৃষকসকলে চৰকাৰক দাবী জনাইছে যে চৰকাৰে এম এছ পিৰ আইনী নিশ্চয়তা প্ৰদান কৰিব লাগে। কৃষকক পেঞ্চনৰ সুবিধা আৰু শস্য বীমাৰ সুবিধাও দিব লাগে। ২০২০ চনত প্ৰতিবাদৰ সময়ত যিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল তেওঁলোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰাৰো দাবী জনাইছে কৃষকসকলে। স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কৃষি খণ্ডত অতি সোনকালে কাৰ্যকৰী কৰিবলৈ কৃষকসকলে দাবী জনাইছে। সেইদৰে, লখিমপুৰৰ হিংসাৰ বলি হোৱা লোকসকলৰ বাবেও ন্যায় বিচাৰিছে।