ফিল্মফেয়াৰ বঁটা-২০২৪: বিজয়ী কোন কোন? চাওক সম্পূৰ্ণ তালিকা

ফিল্মফেয়াৰক ভাৰতীয় চিনেমা জগতৰ অন্যতম গুৰুত্বপূৰ্ণ বঁটা হিচাপে গণ্য কৰা হয়। এই বছৰ ই ৬৯ বছৰ সম্পূৰ্ণ কৰিলে। বলীউড উদ্যোগৰ শ্ৰেষ্ঠ কৰ্মৰ স্বীকৃতি দিবলৈ প্ৰতি বছৰে ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয়। দেওবাৰে গুজৰাটৰ গান্ধীনগৰৰ গিফ্ট চিটিত অনুষ্ঠিত হয় চলচ্চিত্ৰ জগতৰ এই অন্যতম বৃহৎ অনুষ্ঠান।

এই বছৰ ফিল্মফেয়াৰত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে ‘টুৱেলভ ফেইল’। শ্ৰেষ্ঠ অভিনেতা ৰণবীৰ কাপুৰ আৰু শ্ৰেষ্ঠ অভিনেত্ৰী আলিয়া ভাট। বিধু বিনোদ চোপ্ৰাই শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। পৰিচালক তথা প্ৰযোজক ডেভিদ ধাৱানক লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হৈছে। টুৱেলভ ফেইল আৰু ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীয়ে এইবাৰৰ ফিল্মফেয়াৰত একাধিক বঁটা লাভ কৰে।

এইবাৰৰ সন্মানীয় ফিল্মফেয়াৰ বঁটা কোনে কোনে লাভ কৰিলে চাওঁ আহক:

শ্ৰেষ্ঠ ছবি (জনপ্ৰিয়): টুৱেলভ ফেইল

শ্ৰেষ্ঠ ছবি (সমালোচক): জোৰাম

শ্ৰেষ্ঠ পৰিচালক: বিধু বিনোদ চোপ্ৰা (টুৱেলভ ফেইল)

শ্ৰেষ্ঠ অভিনেতা: ৰণবীৰ কাপুৰ (এনিমেল)

শ্ৰেষ্ঠ অভিনেতা (সমালোচক): বিক্ৰান্ত মাছে (টুৱেলভ ফেইল)

শ্ৰেষ্ঠ অভিনেত্ৰী: আলিয়া ভাট (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)

শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক): ৰাণী মুখাৰ্জী (মিচেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে) আৰু শ্বেফালী শ্বাহ ( থ্ৰী অফ আছ )

শ্ৰেষ্ঠ সহযোগী অভিনেতা: ভিকি কৌশল (ডাংকি)

শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী: শ্বাবানা আজমী (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)

শ্ৰেষ্ঠ গীতিকাৰ: অমিতাভ ভট্টাচাৰ্য (তুম ক্যা মিল- ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)

শ্ৰেষ্ঠ সংগীত এলবাম: এনিমেল (প্ৰীতম, বিশাল মিশ্ৰ, মনন ভৰদ্বাজ, শ্ৰেয়াস পুৰাণিক, জানী, ভূপিন্দৰ বাব্বল, অসীম কেমচন, হৰ্ষবৰ্ধন ৰামেশ্বৰ, গুৰিন্দৰ ছেগল)

শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ): ভূপিন্দৰ বাব্বল ( আৰজন ভেলী-প্ৰাণী)

শ্ৰেষ্ঠ প্লেবেক গায়িক: শিল্পা ৰাও (বেচৰম ৰং-পাঠান)

উদীয়মান সংগীত প্ৰতিভা (আৰ ডি বৰ্মন বঁটা) – শ্ৰেয়াস পুৰাণিক (সতৰংগা, এনিমেল)

শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক’ৰ – সঞ্চিত বালহাৰা আৰু অংকিত বালহাৰা (গাংগুবাই কাঠীৱাড়ী)

শ্ৰেষ্ঠ কাহিনী : অমিত ৰায় (OMG 2)/ দেৱাশীষ মাখিজা (জোৰাম)

শ্ৰেষ্ঠ চিত্ৰনাট্য: বিধু বিনোদ চোপ্ৰা (টুৱেলভ ফেইল)

শ্ৰেষ্ঠ সংলাপ: ইশিতা মৈত্ৰ (ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)

শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক’ৰ: হৰ্ষবৰ্ধন ৰামেশ্বৰ (এনিমেল)

শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফী: অবিনাশ অৰুণ ধৱৰে (থ্ৰী অফ আছ )

শ্ৰেষ্ঠ কষ্টিউম ডিজাইন: শচীন লাভলেকাৰ, দিব্য গম্ভীৰ, নিধি গম্ভীৰ (শ্যাম বাহাদুৰ)

শ্ৰেষ্ঠ সম্পাদনাঃ যশকুনৱৰ সিং কোহলী- বিধু বিনোদ চোপ্ৰা (টুৱেলভ ফেইল)

শ্ৰেষ্ঠ ভিএফএক্স: ৰেড চিলিজ ভিএফএক্স (জোৱান)

শ্ৰেষ্ঠ নৃত্য পৰিচালনা: গণেশ আচাৰ্য (ঝুমকা- ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি)

শ্ৰেষ্ঠ অভিষেক (পৰিচালক): তৰুণ দুডেজা

শ্ৰেষ্ঠ অভিষেক (পুৰুষ): আদিত্য ৰাৱাল (ফাৰ্জ)

শ্ৰেষ্ঠ অভিষেক (মহিলা): অলিজে অগ্নিহোত্ৰী (ফাৰে)

লাইফটাইম এচিভমেণ্ট এৱাৰ্ড : ডেভিদ ধাৱান।