দেশৰ এই তিনিটা বেংক ধন জমা ৰখাৰ বাবে আটাইতকৈ সুৰক্ষিত! আৰবিআইৰ তালিকা প্ৰকাশ

Top three safest banks in India বৰ্তমান, ভাৰতত ব্যক্তিগত খণ্ডৰ বেংকৰ সংখ্যা ২১টা আৰু ভাৰতত ৰাজহুৱা খণ্ডৰ বেংকৰ সংখ্যা হৈছে ১২টা। এই ৩৩ টা বেংকত ভাৰতীয়সকলে প্ৰধানকৈ ধন জমা ৰাখে। লাখ লাখ গ্ৰাহকৰ ৰাজহুৱা আৰু ব্যক্তিগত বেংকত একাউণ্ট আছে। কিন্তু আপোনাৰ ধন জমা ৰাখিবলৈ এই বেংকবোৰৰ কোনটো আটাইতকৈ সুৰক্ষিত?

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (আৰবিআই) তালিকাখন প্ৰকাশ কৰিছে। ২০২২ চনত  আৰবিআইয়ে মুকলি কৰা ধন জমা ৰখাৰ বাবে সুৰক্ষিত বেংকৰ তালিকাত দুটা ব্যক্তিগত আৰু এটা ৰাজহুৱা খণ্ডৰ বেংক আছে।

লগতে পঢ়ক: কাৰাগাৰৰ ভিতৰত ওলাল ১১৭ টা মোবাইল: নিলম্বিত হ’ল কাৰাগাৰৰ পাঁচ বিষয়া

তালিকাত ভাৰতীয় ষ্টেট বেংকৰ উপৰিও এইচডিএফচি বেঙ্ক আৰু আইচিআইচিআই বেঙ্কো আছে। অতি কঠোৰ নিৰীক্ষণৰ পিছত বেংকসমূহৰ তালিকা ঘোষণা কৰা হৈছে। সম্পত্তি ৰখাৰ বিপদাশংকাৰ ক্ষেত্ৰত এছবিআই টায়াৰ-১-ত আছে। বিপদাশংকা ০.৬০ শতাংশ আছে। এইচডিএফচি আৰু আইচিআইচিআইৰ ০.২০ শতাংশ বিপদাশংকা আছে।

ৰিজাৰ্ভ বেংকে ২০১৫ চনৰ পৰা এই তালিকাখন প্ৰস্তুত কৰি আহিছে। তেওঁলোকে জনাইছে যে এই তালিকাখন দেশৰ অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বেংকবোৰক লৈয়েই এই তালিকা প্ৰস্তুত কৰা হৈছে। আৰবিআইয়েও তেওঁলোকৰ ৰেটিং দিছে।

লগতে পঢ়ক: শাস্তি! এয়াৰ ইণ্ডিয়াৰ ‘প্ৰস্ৰাৱ কাণ্ড’ৰ অভিযুক্তক বৰ্খাস্ত কৰিলে ৱেলছ ফাৰ্গোৱে

অৱশ্যে আইচিআইচিআই বেংকৰ সন্দৰ্ভত আৰবিআইৰ সৈতে সম্পৰ্কিত আন এটা বিষয় আছে। আইচিআইচিআই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী আৰু পৰিচালন সঞ্চালক চন্দা কোছাৰক চিবিআইয়ে ৩,২৫০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত দুসপ্তাহ আগতে গ্ৰেপ্তাৰ কৰিছিল। বেংকৰ দুৰ্নীতিৰ সৈতে আৰবিআইৰ নামটোও জড়িত হৈ পৰিছিল। কিন্তু চিবিআই আৰু ইডিৰ তদন্তৰ সময়ত শীৰ্ষ আদালতে এখন শপতনামা দাখিল কৰিছিল য’ত কোৱা হৈছিল যে ঘটনাটোৰ সৈতে আৰবিআইৰ কোনো সম্পৰ্ক নাই।