• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শাস্তি! এয়াৰ ইণ্ডিয়াৰ ‘প্ৰস্ৰাৱ কাণ্ড’ৰ অভিযুক্তক বৰ্খাস্ত কৰিলে ৱেলছ ফাৰ্গোৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2023 9:09 pm
Air India urinate case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি দেশজুৰি চৰ্চিত এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত প্ৰস্ৰাৱ কাণ্ডৰ অভিযুক্ত শংকৰ মিশ্ৰক তেওঁৰ বিতৰ্কিত কাৰ্যৰ বাবে বৰ্খাস্ত কৰিছে ৱেলছ ফাৰ্গো কোম্পানীয়ে। কেলিফৰ্ণিয়াত মুখ্য কাৰ্যালয় থকা আমেৰিকান বহুজাতিক বিত্তীয় সেৱা প্ৰতিষ্ঠানটোৰ ভাৰতৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মিশ্ৰক বৰ্খাস্ত কৰাৰ কথা সদৰী কৰিছে কোম্পানীটোৱে।

এক বিবৃতিত কোম্পানীটোৱে কয় যে ৩৪ বৰ্ষীয় শংকৰ মিশ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অত্যন্ত বিৰক্তিকৰ। বিবৃতিটোত কোম্পানীটোৱে কয় যে, “ৱেলছ ফাৰ্গোৱে কৰ্মচাৰীসকলক পেছাদাৰী আৰু ব্যক্তিগত আচৰণৰ উচ্চতম মানদণ্ডৰে সামৰি ৰাখে আৰু আমি এই অভিযোগসমূহ অত্যন্ত বিৰক্তিকৰ বুলি বিবেচনা কৰোঁ। এই ব্যক্তিজনক ওৱেলছ ফাৰ্গোৰ পৰা চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।”

Apply Now

ইফালে অভিযুক্ত শংকৰ মিশ্ৰয়ো শেহতীয়াকৈ এক বিবৃতি প্ৰকাশ কৰি বিষয়টো নিষ্পত্তি কৰি বৃদ্ধাগৰাকীক ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰিছে। নিউয়ৰ্ক-নতুন দিল্লী বিমানত মদ্যপান কৰি মহিলাগৰাকীৰ জিপ খুলি প্ৰস্ৰাৱ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছত নিৰুদিষ্ট শংকৰ মিশ্ৰৰ সন্ধানত আছে দিল্লী আৰক্ষী। এতিয়া তেওঁ নিজৰ অধিবক্তাৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে অভিযুক্ত আৰু ভদ্ৰমহিলাগৰাকীৰ মাজত হোৱা হোৱাটছএপ মেছেজৰ পৰা স্পষ্টকৈ দেখা গৈছে যে অভিযুক্তই ২৮ নৱেম্বৰত মহিলাগৰাকীৰ কাপোৰ-কানি আৰু বেগ চাফা কৰাইছিল আৰু ৩০ নৱেম্বৰত একেখিনি কাপোৰ উভতাই পঠাই দিয়া হৈছিল। লগতে ভদ্ৰমহিলাগৰাকীয়ে এই কাৰ্যৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ কোনো লক্ষণ বাৰ্তাত প্ৰদৰ্শন কৰা নাই বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

তদুপৰি বিবৃতিটোত কোৱা হৈছে যে মহিলাগৰাকীৰ অভিযোগ কেৱল এয়াৰ ইণ্ডিয়াই দিয়া পৰ্যাপ্ত ক্ষতিপূৰণৰ সন্দৰ্ভতহে আছিল যাৰ বাবে তেওঁ ২০ ডিচেম্বৰত অভিযোগ উত্থাপন কৰিছিল। মিশ্ৰই ২৮ নৱেম্বৰত পেটিএমত দুয়োপক্ষৰ মাজত চুক্তি অনুসৰি ক্ষতিপূৰণ দিছিল যদিও প্ৰায় এমাহৰ পিছত যোৱা ১৯ ডিচেম্বৰত মহিলাগৰাকীৰ কন্যাই এই ধন ঘূৰাই দিছিল বুলিও লগতে বিবৃতিটোত কোৱা হৈছে।

লগতে এই ঘটনাৰ কোনো প্ৰত্যক্ষদৰ্শী নাই আৰু পক্ষসমূহৰ মাজত হোৱা নিষ্পত্তি কেবিন ক্ৰুৰ মন্তব্যয়ো নিশ্চিত কৰিছে বুলি উল্লেখ কৰি দেশৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত অভিযুক্তৰ পূৰ্ণ বিশ্বাস আছে আৰু তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিব বুলিও কয়।

উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ এখন উৰন্ত বিমানৰ ভিতৰত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত মূত্ৰ বিসৰ্জন কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল এক সুৰাপায়ী শংকৰ মিশ্ৰই। সম্প্ৰতি পোহৰলৈ অহা এই ঘটনা সংঘটিত হৈছিল যোৱা বৰ্ষৰ নৱেম্বৰ মাহত। এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মহিলাগৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল মিশ্ৰই।

কিন্তু বিমান অৱতৰণৰ পাছত এই ঘটনা সংঘটিত কৰা ব্যক্তিগৰাকী কোনো ধৰণৰ ব্যৱস্থাৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই যায়। এই ঘটনাৰ কেইসপ্তাহমান পিছতে এয়াৰ ইণ্ডিয়াই ভদ্ৰলোকৰ মুখাপিন্ধা ব্যক্তিগৰাকীক ন’ ফ্লাই লিষ্টত স্থান দিবলৈ পৰামৰ্শ দিছিল।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ঘটনা সন্দৰ্ভত বিমান সংস্থা এয়াৰ ইণ্ডিয়াক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সঞ্চালকালয়ে অভিযুক্ত ব্যক্তিগৰাকীৰ এনে দুষ্কাৰ্যৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গাফিলতি কৰাৰ প্ৰমাণিত হোৱা বিষয়াসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি লগতে উল্লেখ কৰিছিল।

জানিব পৰা মতে, ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মদ্যপান কৰা যাত্ৰীগৰাকীয়ে ৭০ বৰ্ষীয় মহিলা সহযাত্ৰী গৰাকীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

মহিলাগৰাকীয়ে বিমানৰ কৰ্মচাৰীসকলক এই ঘটনাৰ অভিযোগ কৰি তেওঁৰ কাপোৰ, জোতা, বেগ প্ৰস্ৰাৱত তিতি যোৱা বুলি জানিবলৈ দিয়ে। মহিলাগৰাকীৰ অভিযোগৰ পিছত বিমান কৰ্মচাৰীসকলে তেওঁক আন কাপোৰ আৰু চেণ্ডলৰ যোগান ধৰে আৰু নিজ আসনলৈ উভতি যাবলৈ কয়।

বিমানখন দিল্লীত অৱতৰণ কৰাৰ পিছত অভিযুক্ত সুৰাপায়ী যাত্ৰীগৰাকীয়ে তেওঁৰ এই দুষ্কাৰ্যৰ কোনো শাস্তিৰ সন্মুখীন নোহোৱাকৈয়ে বিমানবন্দৰৰ পৰা ওলাই যায় বুলি অভিযোগ উঠিছিল। বাতৰি অনুসৰি, মহিলাগৰাকীয়ে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখনলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতহে বিমান সংস্থাটোৱে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে মহিলাগৰাকীয়ে পত্ৰখনত আন এক অভিযোগো উত্থাপন কৰিছিল। এই অভিযোগ অনুসৰি তেওঁ প্ৰস্ৰাৱ পৰি থকা আসনখনত বহিব নিবিচৰাৰ বাবে তেওঁক বিমানৰ ক্ৰু চিট দিয়া হৈছিল। কিন্তু এঘণ্টাৰ পাছত ক্ৰু’ৱে তেওঁক চাদৰেৰে ঢাকি থোৱা পূৰ্বৰ আসনলৈ উভতি যাবলৈ কৈছিল।

প্ৰস্ৰাৱৰ গোন্ধ ওলাই থকা আসনখনত ক্ৰুৱে বীজাণুনাশক স্প্ৰে’ কৰি দিয়ে যদিও তেওঁ আসনখনত বহিবলৈ দৃঢ়তাৰে অস্বীকাৰ কৰিছিল আৰু অৱশেষত তেওঁক আন এখন আসন দিয়া হয় মহিলাগৰাকীয়ে লগতে বিজনেছ ক্লাছৰ বহু আসন খালী হৈ থকাৰ পিছতো তেওঁক আন এখন আসন দিয়া হোৱা নাছিল বুলি অভিযোগ কৰিছিল।

ইফালে বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে অভিযুক্ত মিশ্ৰক চিনাক্ত কৰা হৈছে বুলি সদৰী কৰিছিল। দিল্লী আৰক্ষীয়ে ব্যক্তিগৰাকী মুম্বাইৰ বাসিন্দা যদিও তেওঁৰ সম্ভাৱ্য স্থিতি আন ৰাজ্যত দেখুৱাইছে আৰু আৰক্ষী ইতিমধ্যে তাত উপস্থিত হৈছে বুলি জানিবলৈ দিছিল। অভিযুক্ত মিশ্ৰক শীঘ্ৰেই তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে প্ৰতিশ্ৰুতি দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd