নিলাম হ’ব ভাৰত-বাংলা সীমান্তত জব্দ ১৬ কোটি টকাৰ গৰু

cattle Seized cattle to go back to Customs Dept for auction: BSF IG

প্ৰতীকী ছবি।

বি এছ এফে মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত জব্দ কৰা গৰুসমূহ নিলামৰ বাবে শুল্ক বিভাগলৈ পঠোৱা হ’ব।

কিন্তু, সমস্যা হৈছে বি এছ এফে ইতিপূৰ্বে তেওঁলোকৰ “মূৰ কামোৰণি” হোৱা বুলি কোৱা জব্দ গৰুসমূহ নিলামৰ বাবে শুল্ক বিভাগৰো কৰ্তৃত্ব নাছিল।

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ২০১৭ চনৰ এক নিৰ্দেশমতে পশুধন বিক্ৰী Prevention of Cruelty to Animals (PCA) rules, 2017ৰ নিয়মৰ অধীনত সম্পন্ন হ’ব লাগে।

কিন্তু, পি চি এ বিধিৰ অধীনত শুল্ক বিষয়াসকল এই কামৰ বাবে কৰ্তৃত্বপ্ৰাপ্ত নহয়।

বি এছ এফৰ জোৱানসকলে মেঘালয়ৰ সীমা চকীসমূহত এতিয়া প্ৰায় ১১০০ জব্দ গৰুৰ যতন লৈ আছে, যিটো তেওঁলোকৰ বাবে অসুবিধাজনক।

বি এছ এফ মেঘালয় ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক কুলদীপ সাইনীয়ে জনোৱামতে, দেশৰ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ক এই বিষয়ে অৱগত কৰাৰ পিছত শেহতীয়াকৈ সমস্যাটো সমাধানৰ দিশলৈ আগবাঢ়িছে।

“জব্দ গৰুসমূহক শুল্ক বিভাগলৈ নিলামৰ বাবে পঠিওৱা হ’ব। এই সন্দৰ্ভত কোনো জাননী জাৰি কৰা হোৱা নাই যদিও বৈঠকৰ কাৰ্য্যবিৱৰণীৰ ৰূপত আমি ইয়াক লাভ কৰিছো,” সাইনীয়ে কয়।

পূৰ্বেও বাহিনীটোৱে জব্দ গৰুৰ নিলামৰ ক্ষেত্ৰত বিধি সংশোধনৰ অনুৰোধ জনাইছিল।

বাংলাদেশলৈ চোৰাংকৈ সৰবৰাহ কৰিব খোজা মুঠ ১৬ কোটি টকাৰ গৰু বি এছ এফে মেঘালয়ত ২০১৯ বৰ্ষত জব্দ কৰিছিল।

উদ্ধাৰ হোৱা ১০০০ গৰু সীমান্তৰ চকীসমূহতে মৃত্যুমুখত পৰিছে। বাহিনীটোৰমতে, মৃত গৰুসমূহ হয় ৰুগীয়া নহয় ট্ৰাকত চোৰাংকৈ আনোতে আঘাতপ্ৰাপ্ত আছিল।

গৰুৰ লগতে বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তটোত যোৱা বছৰত মুঠ ৩৬ কোটি টকাৰ সামগ্ৰী জব্দ আৰু ১৭৬গৰাকী লোকক আটক কৰে।