NORTHEAST NOW (Assamese)

আগছুৰ জিলা সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰীক গ্রেপ্তাৰ, কাৰাগাৰলৈ প্ৰেৰণ

May 3, 2022 7:08 am · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
সন্তোষ ছেত্ৰী। ফাইল ফটো।

আগছুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে। মাৰ্ঘেৰিটা আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত নেতা গৰাকীক।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বজাৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ (আগছু) তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰীয়ে উদ্ভণ্ডালি কৰি অহাৰ অভিযোগ লাভ কৰি মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছেত্ৰীক।

সন্তোষ ছেত্ৰী। ফাইল ফটো।

মাৰ্ঘেৰিটা বজাৰৰ  ৰাজেশ কুমাৰ শ্বাহ নামৰ ব্যৱসায়ী এজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি বয়বস্তু লণ্ডভণ্ড কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ছেত্ৰীৰ বিৰুদ্ধে ।  প্ৰাপ্ত তথ্য অনুসৰি মাৰ্ঘেৰিটা বজাৰ কমিটিৰো সম্পাদকৰ দায়িত্বত থকা বিতৰ্কিত নেতাজনৰ ককায়েক বিষ্ণু ছেত্ৰীয়ে  ব্যৱসায়িক প্ৰতিষ্ঠান খন ৰাজেশ কুমাৰ শ্বাহক ভাড়া দিয়াৰ পাছত ভায়েক  সন্তোষ ছেত্ৰীয়ে এইদৰে  উদ্ভণ্ডালি কৰাত ৰাজেশ কুমাৰ শ্বাহৰ  এজাহাৰৰ ভিত্তিত সন্তোষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

আনহাতে, কিছুদিন পূৰ্বে এগৰাকী মহিলাকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল সন্তোষৰ বিৰুদ্ধে। এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি পৰিয়ালকেন্দ্ৰিক সংঘাতৰ পৰিণতিতেই কাৰাগাৰলৈ যাব লগা হ’ল বহু বিতৰ্কিত আগছুৰ স্বয়ম্ভু নেতা তথা অবৈধ সুৰাৰ আড্ডাৰস্থলি বুলি অভিযোগ থকা দাৰ্জিলিং হোটেলৰ স্বত্বাধিকাৰী সন্তোষ ছেত্ৰী।

Related News