DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বড়ো সাহিত্য সভাৰ অধিবেশন আৰম্ভ; ৰাষ্ট্ৰপতিৰ আগমণৰ বতৰাকলৈ উৎফুল্লিত তামুলপুৰবাসী

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
May 3, 2022 6:40 am
বড়ো সাহিত্য সভাৰ অধিবেশন আৰম্ভ; ৰাষ্ট্ৰপতিৰ আগমণৰ বতৰাকলৈ উৎফুল্লিত তামুলপুৰবাসী
109
VIEWS
Share on FacebookShare on Twitter

সোমবাৰৰ  পৰা তামুলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰিস্থিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত (গোঁজন ফৌথাৰ) অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন। বড়ো সাহিত্য সভাৰ এই অধিবেশনত ইতিহাস ৰচনা কৰি অহা ৪ মে’ত বড়ো সাহিত্য সভাৰ মুকলি অধিবেশনত অংশ গ্ৰহণ কৰিব ভাৰতৰ প্ৰথম নাগৰিক ভাৰতৰ  ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ।

ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে বড়ো সাহিত্য সভাৰ বিষয়-ববীয়াৰ লগতে  তামুলপুৰবাসী তথা বিটিআৰবাসী। ৰাষ্ট্ৰপতিৰ তামুলপুৰ ভ্ৰমণক লৈ উল্লাসিত হৈ পৰা আদৰণি সমিতিৰ লগতে তামুলপুৰবাসীয়েও উৎসাহিতহৈ বড়ো সাহিত্য সভাৰ কামকাজত সহায়ৰ হাত আগবঢ়াইছে।

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে দিনে-নিশাই অধিবেশনৰ কামকাজ নিজেই তদাৰক কৰি অধিবেশন সফল্যমণ্ডিত কৰাৰ বাবে উঠি পৰি লাগিছে। বিগত দিন কেইটাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্ম, অশোক সিংঘাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাকে ধৰি মন্ত্ৰী-বিধায়ক সকলেও তামুলপুৰত উপস্থিত হৈ অধিবেশনৰ কামকাজৰ বুজ লয়।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তামুলপুৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ব্যৱস্থাপনাৰ বুজ ল’বলৈ সোমবাৰে  আবেলি ৪-০০ বজাত তামুলপুৰৰ বড়ো সাহিত্য সভাৰ অধিবেশনথলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তামুলপুৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সংগ দিয়ে বিটিচি প্ৰধান প্ৰমোদ বড়ো, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্মকে ধৰি কেইবাগৰাকীও নেতা-বিধায়কে।

তামুলপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বড়ো সাহিত্য সভাৰ অধিবেশনৰ কাম কাজ সমূহ পৰ্যবেক্ষণ কৰে। কামকাজৰ পৰ্যবেক্ষণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে এক পৰ্য্যালোচনা সভাত অংশ লয়।

পৰ্য্যালোচনা সভাৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  সংবাদমেল সম্বোধন কৰি কয় – আমি দেখাত এইয়া বড়ো সাহিত্য সভা যদিও এনে লাগিব যে ইয়াত অকল বড়ো সকলৰ সমস্যা বা বড়ো সাহিত্যৰ কথা আলোচনা হব। কিন্তু প্ৰতিটো ভাষাই আচলতে আমাৰ জাতীয় জীৱনৰ সম্পদ। বিশেষকৈ জনজাতীয় ভাষা সমূহ আমাৰ ভাৰতবৰ্ষৰে এক সম্পদ বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি আহিছে।  তাৰ পৰিপ্ৰেক্ষিতত এই সাহিত্য সভাত সকলো জাতি-জনগোষ্ঠীৰ লোক সকলে অংশগ্ৰহণ কৰিব। তামুলপুৰ বা বিটিচি বা অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক বড়ো সাহিত্য সভাৰ ফালৰ পৰাও সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ।  ই সঁচাকৈয়ে আদৰণীয়।

তেওঁ পুনৰ কয়- তামুলপুৰত  বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন অনুষ্ঠিত হৈ আছে । অহা ৪ মে’ত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অংশগ্ৰহণ কৰিব আৰু এই অধিবেশনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ইয়াত হৈ থকা ব্যৱস্থাৱলীৰ বুজ লবলৈ মই তামুলপুৰলৈ আহিছোঁ । বৰষুণৰ বতৰৰ মাজতো ৰাজ্য চৰকাৰ আৰু বিটিচি কৰ্তৃপক্ষ তথা বড়ো সাহিত্য সভাৰ কার্যকর্তাই সকলো সুন্দৰভাৱে ব্যৱস্থাৱলী সম্পূৰ্ণ কৰিছে। আৰু নিৰাপত্তাৰক্ষীৰ দিশৰ পৰাও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। মই ভাবো ৰাষ্ট্ৰপতিৰ এই তামুলপুৰ ভ্ৰমণ সফল হব ।

তেওঁ কয়- ইতিমধ্যে দেশ বিদেশৰ বড়ো জনগোষ্ঠীৰ লোকসকল তামুলপুৰলৈ আহিছে । তেখেত সকলকো সুন্দৰভাৱে আদৰণি জনোৱা হৈছে । এই সাহিত্য সভাখনি সকলো ফালৰ পৰা সফলতাৰে উদযাপন কৰিব পৰা যাব ।

ইপিনে বড়ো সাহিত্য সভাৰ অতিথিশালা মুকলি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়- বিটিচি প্ৰধান প্ৰমোদ বড়োৰ তত্বাৱধানত বড়ো সাহিত্য সভাই প্ৰাণ পাই উঠিছে। মই সমগ্ৰ তামুলপুৰবাসী ৰাইজ, আদৰণি সমিতিকো তেওঁলোকৰ কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।

তেওঁ লগতে কয়- মই আশাবাদী যে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী উপস্থিত হৈ সমগ্ৰ বড়ো জাতিক আশীৰ্বাদ কৰিব আৰু বড়ো জাতিৰ ভাষা সংস্কৃতিৰ আৰু অধিক প্রচাৰ আৰু প্ৰসাৰ হব। এই ভাষাটো আৰু অধিক প্ৰাণ পাই উঠক বুলিও মন্তব্য কৰে ভবেশ কলিতাই।

Recent News

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd