• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

এই প্ৰতিবেদনত বিত্তীয় বৰ্ষৰ শেষত বাজেটতকৈ প্ৰায় ১ লাখ কোটি টকা বেছি ঘাটি হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। এই ঘাটি মুঠ ঘৰুৱা উৎপাদন বা জিডিপিৰ ৪.৩ৰ পৰা ৪.৫ শতাংশ হ’ব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 7, 2026 8:55 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰেডিট ৰেটিং এজেন্সী কেয়াৰএজৰ শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদন। আৰু তাতেই যথেষ্ট চাপত মোডী চৰকাৰৰ। কাৰণ, এই প্ৰতিবেদনে দেশৰ আৰ্থিক অৱস্থাৰ স্বৰূপ উদঙাই দিছে।

চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহত কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ ঘাটি ৭ লাখ ১০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে! এই পৰিসংখ্যা গোটেই বছৰটোৰ বাবে প্ৰস্তাৱিত বাজেটৰ ৪২.১ শতাংশ! যোৱা বছৰ একে সময়ছোৱাত ঘাটিৰ হাৰ আছিল ৩৬.৫ শতাংশ। পাঁচ বছৰৰ ভিতৰত প্ৰথম ছমাহত ইমান ডাঙৰ ঘাটি আগেয়ে দেখা পোৱা নাই।

ইয়াতেই শেষ নহয়। এই প্ৰতিবেদনত বিত্তীয় বৰ্ষৰ শেষত বাজেটতকৈ প্ৰায় ১ লাখ কোটি টকা বেছি ঘাটি হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। এই ঘাটি মুঠ ঘৰুৱা উৎপাদন বা জিডিপিৰ ৪.৩ৰ পৰা ৪.৫ শতাংশ হ’ব পাৰে।

Apply Now

ইয়াৰ কাৰণ কি? প্ৰথম কথা, কৰ সংগ্ৰহত মুখ থেকেচা। বাজেটত অনুমান কৰা হৈছিল যে কৰ সংগ্ৰহ ৯.৪ শতাংশ বৃদ্ধি পাব। কিন্তু প্ৰথম ছমাহত মাত্ৰ ৬.১ শতাংশহে বৃদ্ধি পাইছে। আয়কৰ সংগ্ৰহৰ লক্ষ্য আছিল ১৮.১ শতাংশ বৃদ্ধি। কিন্তু সেয়া হৈছে মাত্ৰ ৮.৭ শতাংশ। অৰ্থাৎ সাধাৰণ মানুহৰ পৰা কৰ সংগ্ৰহৰ বৃহৎ সপোন পূৰণ হোৱা নাই। ইয়াৰ লগতে সামগ্ৰী আৰু সেৱাৰ কৰ সংগ্ৰহ ৫.৫ শতাংশ হ্ৰাস পাইছে। আবকাৰী শুল্কৰ পৰা ৰাজহ ২২.৩ শতাংশ হ্ৰাস পাইছে।

আনহাতে, বাজেটত ১৩.৮ শতাংশ বৃদ্ধি হ’ব বুলি কোৱা হৈছিল। সামগ্ৰিকভাৱে কেয়াৰএজে অনুমান কৰিছে যে মুঠ কৰ সংগ্ৰহৰ ক্ষেত্ৰত প্ৰায় এক লাখ কোটি টকাৰ ঘাটি হ’ব পাৰে। ব্যয়ৰ ছবিখন আৰু অধিক চিন্তনীয়। ৰাজসাহায্যৰ ব্যয় বাজেটতকৈ ১ লাখ ২০ হাজাৰ কোটি টকা বেছি হ’ব পাৰে। খাদ্য ৰাজসাহায্য ১৬ শতাংশ, সাৰ ৰাজসাহায্য ১১.২ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে দুয়োটা হ্ৰাস পাব বুলি বাজেটত দাবী কৰা হৈছিল। অৰ্থাৎ চৰকাৰৰ অনুমানেই মিলা নাই।

বিৰোধীৰ অভিযোগ যে ঘাটি পূৰণৰ বাবে চৰকাৰ এতিয়া ৰিজাৰ্ভ বেংকৰ লভ্যাংশৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। চলিত বৰ্ষৰ বাবে আৰ বি আইৰ লভ্যাংশ ২ লাখ ৯০ হাজাৰ কোটি টকা বুলি অনুমান কৰা হৈছে। আৰু চৰকাৰী সম্পত্তি বিক্ৰী কৰি ৫৬ হাজাৰ কোটি টকা সংগ্ৰহ কৰা হৈছে, যিটো গোটেই বছৰটোৰ লক্ষ্যৰ ৭০ শতাংশ। আইডিবিআই বেংকৰ শ্বেয়াৰ বিক্ৰী কৰি আৰু ২৬ হাজাৰ কোটি টকা সংগ্ৰহৰ পৰিকল্পনা আছে।

একাংশ অৰ্থনীতিবিদে কয় যে ৰিজাৰ্ভ বেংকৰ ধন আৰু চৰকাৰী সম্পত্তি বিক্ৰীৰ পৰা পোৱা ধনেৰে ঘাটিৰ বিত্তীয় সাহায্যৰ এই পদ্ধতি স্থায়ী নহয়। যদিও চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ কাৰণ বুলি উল্লেখ কৰি দায়িত্বৰ পৰা আঁতৰি থাকিব বিচাৰিছে, তথাপিও এই প্ৰতিবেদনে স্পষ্টভাৱে দেখুৱাইছে যে প্ৰকৃত সংকট হৈছে কৰ সংগ্ৰহত পিছ পৰা, ৰাজসাহায্য খণ্ডত অত্যধিক ব্যয় আৰু বাজেটৰ ভুল হিচাপ।

মন কৰিবলগীয়া যে বাজেটৰ পিছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ লাখ কোটি টকাৰ এটি পুঁজি ঘোষণা কৰে – অৰ্থনৈতিক স্থিতিশীলতা পুঁজি। বাজেট ঘাটি ১ লাখ কোটি অতিক্ৰম কৰাৰ আশংকা প্ৰকাশ কৰিছে প্ৰতিবেদনত। বিৰোধীয়ে প্ৰশ্ন কৰে, তেনেহ’লে কেন্দ্ৰই বিপদৰ আশংকা কৰিয়েই সেই পুঁজি সৃষ্টি কৰিছে নেকি? যদি ঘাটি সেই অংকত উপনীত হয়, তেন্তে হয় সেই পুঁজিৰ ধনেৰে অৰ্থনীতি চম্ভালিব  লাগিব, নহ’লে বজাৰৰ পৰা ধাৰ ল’ব লাগিব৷

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

November 7, 2026 8:55 am
৯০০ কোটি টকাৰ জালিয়াতি! ফিউচাৰ ৰিটেইল লিমিটেডৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, চলিছে তদন্ত

৯০০ কোটি টকাৰ জালিয়াতি! ফিউচাৰ ৰিটেইল লিমিটেডৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, চলিছে তদন্ত

November 7, 2026 8:05 am
মাত্ৰ ৯ বছৰতে হৃদ্‌ৰোগত আক্ৰান্ত হৈ মৃত্যু? খেলাৰ অন্তত শ্ৰেণীকোঠাতে ঢলি পৰি মৃত্যু তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ

মাত্ৰ ৯ বছৰতে হৃদ্‌ৰোগত আক্ৰান্ত হৈ মৃত্যু? খেলাৰ অন্তত শ্ৰেণীকোঠাতে ঢলি পৰি মৃত্যু তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ

November 7, 2026 7:00 am
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ যুৱ উদ্দীপক চেতনা আৰু অসমৰ নবীন সমাজ

November 6, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

November 7, 2026 8:55 am
৯০০ কোটি টকাৰ জালিয়াতি! ফিউচাৰ ৰিটেইল লিমিটেডৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, চলিছে তদন্ত

৯০০ কোটি টকাৰ জালিয়াতি! ফিউচাৰ ৰিটেইল লিমিটেডৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, চলিছে তদন্ত

November 7, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd