২৩ মাহৰ ভিতৰত গুৱাহাটীৰ ৰাইজে নতুন এখন উৰণীয়া সেঁতু পালে।
যাতায়তৰ ক্ষেত্ৰত যান-জটৰ সমস্যা হ্ৰাস হ’ব বুলি আশা প্ৰকাশ কৰিছে জনসাধাৰণে।
গোটেই উৰণীয়া সেঁতুৰ প্ৰত্যেকটো খুটাত এখন জনজাতীয় গামোছাৰ প্ৰতীকৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফটো। দেশৰ ভিতৰতে ইমান এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈয়ো ‘ইমান আত্ম প্ৰচাৰৰ পাছত দৌৰিছে কিয় ড০ হিমন্ত বিশ্ব শৰ্মা’?
বিজেপি চৰকাৰৰ দিনত নেতাৰ আত্মপ্ৰচাৰৰ প্ৰবণতা বৃদ্ধি পাইছে।
স্মৰ্তব্য যে, জনতাৰ ধনেৰে বা কৰ কাটলৰে কৰা হয় উন্নয়নমূলক কাম-কাজ। জনতাৰ বাবে উসৰ্গিত হ’ব লাগে সকলো কাম-কাজ। কিন্তু তাৰ নামত ‘আত্মপ্ৰচাৰ কৰিবলৈ যোৱাটো দৃষ্টিকটু হৈ নপৰে নে?’
ফ্লাই অভাৰ মুকলি কৰাৰ সময়তে এই কথা দেখিবলৈ পোৱা গ’ল। ৰাস্তাৰ কাষে কাষে বিভিন্ন নেতা-মন্ত্ৰীয়ে নিজক জহাবলৈ হৰ্ডিংত নিজৰ ফটোৰে উৰণীয়া সেঁতু মুকলি অনুষ্ঠানৰ বিষয়ে লিখিছে সেইটো মানি ল’ব পাৰি। কিন্তু ইমান বেছিকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফটো লগোৱাটো কেতিয়াও দৃষ্টিকটু নোহোৱাকৈ নাথাকে।
ৰাজ্যৰ কেইগৰাকীমান উদীয়মান চিত্ৰশিল্পীয়ে অসম তথা উত্তৰ পূৱৰ কৃষ্টি সংস্কৃতি অংকন কৰিছে সেয়া নিশ্চয়কৈ চকুত লগা হৈছে।
এখন দলং নিৰ্মাণতে ইমান আত্ম সন্তুষ্টি লাভ কৰাৰ প্ৰয়োজন আছে নে? যিসময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভঙা দলঙেৰে ৰাইজ পাৰ হ’বলগীয়া হৈছে, জকাইচুকীয়া গাঁৱত এতিয়াও বাঁহৰ সেঁতুহে দেখিবলৈ পোৱা যায়।
মুখ্যমন্ত্ৰীৰ সৈতে থকা ধেমাধৰা বহু মন্ত্ৰী বিধায়কৰ সমষ্টিতে নাই পকী দলং বা যাতায়তৰ বাবে সু-ব্যৱস্থা।
অন্য এক প্ৰসংগ। লোক নিৰ্মাণ বিভাগৰ যিসকল শ্ৰমিকৰ হাডভঙা কষ্ট তথা পৰিশ্ৰমৰ ফলত এই উৰণীয়া সেঁতুৱে প্ৰাণ পাই উঠিল। সেই শ্ৰমিকসকলক এবাৰলৈয়ো ধন্যবাদসূচক মন্তব্য নাৰাখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ এবাৰ যেন হেয় দৃষ্টিৰে চোৱা হ’ল এইসকল শ্ৰমিককক। তাৰ বিপৰীতে কেৱল চিত্ৰশিল্পীসকলক প্ৰশংসাৰে উপচাই পিক নেপেলাবলৈ জনতাক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
ইপিনে, থানাৰ বাহিৰত এজাহাৰ লেখা-মেলা প্ৰত্যেকজন লোককে গ্ৰেপ্তাৰ কৰিবলৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। অন্যথা মুখ্যমন্ত্ৰীয়ে নিজে গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, উক্ত উৰণীয়া সেঁতুখন উন্মোচন কৰি সেঁতুৰে খোজ কাঢ়ি যোৱাৰ সময়ত জয় শ্ৰীৰাম আৰু ভাৰত মাতা কি জয় আৰু হৰ হৰ মোদী ধ্বনি দিয়া দেখিবলৈ পোৱা গ’ল।
ইপিনে, গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ক্ষিপ্ৰগতিত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ লগতে মালিগাঁও আৰু ছেৰাপভাটিত দুখন বিশাল উৰণীয়া সেঁতু নিৰ্মাণৰ কাম চলি থকা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ২০২৩ চনৰ ডিচেম্বৰ মাহযত মুকলি হ’ব এইকেইখন সেঁতু।