• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চে’লফিৰ বাবে বিহু মেলালৈ ভয় বৰষাৰাণীৰ

মাৰ্ঘেৰিটাত এই কথা ক’লে অভিনেত্ৰীগৰাকীয়ে। মাকুমকিল্লাত ৰঙালী বিহু সন্মিলনৰ সফল উদযাপন।

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , April 23, 2019 6:39 pm

2 min read

Selfie keeps Assam actress Barsha Rani away from bihu functions

বৰ্ষা ৰাণী বিষয়া। ছবি সৌজন্য-- Daily News 360।

1.2k
VIEWS
Share on FacebookShare on Twitter

চেলফিৰ বাবে বিহু মেলালৈ যাবলৈ ভয় কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ মাৰ্ঘেৰিটাৰ এখন বিহু মঞ্চত অভিনেত্ৰী তনভী শৰ্মা, অমৃতা গগৈৰ সৈতে নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ক’লে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে৷

মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহি অভিনেত্ৰী বৰষাই উজনি অসমত ৰাসত অংশগ্ৰহণ কৰিবলৈ আহি চেলফিৰ উৎপাতত কি পৰিস্থিতিৰ সন্মুখীন হ’ল তাকো ব্যক্ত কৰিলে নাটকীয় ভংগিমাৰে৷

সন্মিলনখনত অভিনেত্ৰী তনভী শৰ্মা, অমৃতা গগৈৰ লগতে বৰষাৰাণীয়ে নৃত্য পৰিৱেশন কৰি সকলো দৰ্শককে মুগ্ধ কৰি তোলে৷

দুদিনীয়া কাৰ্য্যসূচীৰে নিজমাকুম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনখনি সোমবাৰে পুৱা সামৰণি পৰে৷

প্ৰথম দিনা পুৱা বিহুৱান উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে৷ স্মৃতি তৰ্পণ কৰে কাৰ্য্যকৰী সভাপতি জিতু সন্দিকৈয়ে৷

সন্মিলন উপলক্ষে বিহু গীত, বিহু নাচ, মৌ-কুঁৱৰী, বিহুৱতী, হুঁচৰি আদি প্ৰতিযোগিতা অন্তিম দিনালৈকে অনুষ্ঠিত হয়৷

জেং বিহুত প্ৰথম স্থান লাভ কৰে বঢ়মথুৰী তিনিচুকীয়াই৷ হুঁচৰিত প্ৰথম স্থান লাভ কৰে চৰাইদেউ (সোণাৰি), দ্বিতীয় স্থান লাভ কৰে পচোৱা (ডিগবৈ) দলে।

বিহুৱতী সন্মান লাভ কৰে ৰিতুপৰ্ণা দাসে (ডিব্ৰুগড়), মৌ কুঁৱৰী হয় বাৰ্বী সোণোৱাল (তিনিচুকীয়া)৷

সন্ধিয়া অনুষ্ঠিত মুকলি সভা ও বঁটা বিতৰণী সভাত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব তথা অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে পৌৰোহিত্য কৰে৷ অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক মানস প্ৰতিম গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ লিম্বু, ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ সভাপতি সুমন খালেন, সমাজকৰ্মী অংগুন চাউচেন, ৰাজীৱ চেতিয়া, শিক্ষক ধৰ্মৰঞ্জন কোঁৱৰকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

আঁত ধৰে মুখ্য সম্পাদক দিলীপ কোঁৱৰ আৰু কৰ্ণধাৰ সমিতিৰ অন্যতম আহ্বায়ক বিচিত্ৰ কোঁৱৰে৷ নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় শিল্পী ৰাকেশ ৰিয়ান আৰু দীপশিখা বৰাই সংগীত পৰিৱেশন কৰে৷

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd