গৰুৰ গাখীৰ বিক্ৰী কৰি এক কোটি টকাৰ ব্যৱসায় এইগৰাকী যুৱতীৰ

1584863587_1 Feb

শিল্পী সিনহা

যদি আপোনাৰ কাম কৰাৰ প্ৰৱল ইচ্ছা থাকে তেন্তে সকলো কঠিন কামেই সহজ হৈ পৰে। আজি আমি পঢ়ুৱৈসকলক তেনে এগৰাকী নাৰীৰ বিষয়ে জনাম যিয়ে সকলো বাধা অতিক্ৰম কৰি আজি সমাজত নিজকে সফলৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

সংবাদ মাধ্যমৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱা এইগৰাকী নাৰী হৈছে শিল্পী সিনহা। শিল্পীয়ে এককভাৱে ব্যৱসায় আৰম্ভ কৰি কোনেও কল্পনা কৰিব নোৱাৰা সফলতা লাভ কৰি যুৱ প্ৰজন্মক প্ৰেৰণা যোগাইছে।

শিল্পীয়ে কি ব্যৱসায়ৰ জৰিয়তে ব্যাপক সফলতা লাভ কৰিছে সেই বিষয়ে জনাৰ আগতে আমি তেওঁৰ বিষয়ে কিছু কথা জনাব বিচাৰিছো।

শিল্পী সিনহা ঝাৰখণ্ডৰ দালটংগাণ্ড জিলাৰ বাসিন্দা। তেওঁ নিজ চহৰৰ পৰিৱৰ্তে পঢ়িবলৈ গৈছিল বাংগালুৰুলৈ আৰু তাতে তেওঁ নিজৰ ব্যৱসায়ৰ আইডিয়া লাভ কৰিছিল।

বাংগালুৰুত শিক্ষাগ্ৰহণ কৰি থকাৰ সময়ত শিল্পীয়ে নিৰ্ভেজাল গাখীৰ লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল।

এই সমস্যাৰ গভীৰতা উপলব্ধি কৰিয়েই শিল্পীয়ে গৰুৰ গাখীৰৰ ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰে। ব্যৱসায় আৰম্ভ কৰাৰ সময়ত শিল্পীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল যদিও এই সমূহক আওকান কৰি আগবাঢ়ি যায়। আৰু যাৰ বাবে শিল্পী আজি ৱ্যৱসায়ত সফল।

শিল্পীৰ বাবে ব্যৱসায় আৰম্ভ কৰাটো ইমান সহজ নাছিল। কাৰণ এই ক্ষেত্ৰত তেওঁক কোনো লোকে সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল। ৰাতিপুৱা তিনি বজাতে উঠি গৰুৰ খাদ্য আনিবলৈ পথাৰলৈ গৈছিল।

ৰাতিপুৱা তিনি বজাত এগৰাকী যুৱতী পথাৰলৈ যোৱাটো সুৰক্ষাৰ দিশৰ পৰা চাবলৈ গ’লে ইমান সহজ নাছিল। সেয়ে শিল্পীয়ে পথাৰলৈ যোৱাৰ সময়ত নিজৰ সুৰক্ষাৰ বাবে লগত লৈ গৈছিল এখন চুৰি আৰু জালুকৰ গুৰীৰ স্প্ৰে।

ঝাৰখণ্ডৰ হোৱা হেতুকে শিল্পীয়ে কানাড়া আৰু তামিল ভাষা নাজানিছিল। এই ভাষা দুটা নাজানিলেও কিন্তু তেওঁৰ ব্যৱসায়ত ইয়ে কোনো প্ৰভাৱ পেলাব পৰা নাছিল।

মাত্ৰ ১১ হাজাৰ টকাৰে ২০১৮ চনত আৰম্ভ কৰা গাখীৰৰ ব্যৱসায়ে আজি এক কোটি অতিক্ৰম কৰিছে। তেওঁৰ কোম্পানিটোৰ নাম হৈছে ‘দ্যা মিল্ক ইণ্ডিয়া কোম্পানি’।