• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজনৈতিক সংকটৰ মাজতে সন্ধিয়া বৈঠক আহ্বান শিৱসেনাৰ: উপস্থিত নথকা বিধায়ক হ’ব দলৰ বাহিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2022 3:42 pm
Maharastra Crisis
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক সংকটে বিপৰ্যয় নমাই অনাৰ পিছত মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাই আজি সন্ধিয়া এক জৰুৰী বৈঠকৰ আহ্বান কৰিছে। দলৰ বিধায়কসকললৈ এক সাৱধানবাণী জাৰি কৰি শিৱসেনাই সকলো বিধায়ককে সভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

হোৱাটছএপ, ইমেইল আৰু এছএমএছৰ জৰিয়তে প্ৰেৰণ কৰা এখন পত্ৰত শিৱসেনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ চৰকাৰী বাসভৱন বৰ্ষাত অনুষ্ঠিত হ’বলগীয়া সভালৈ সকলো বিধায়ককে তলব কৰিছে।

Apply Now

শেহতীয়াকৈ ক’ভিডিঅ আক্ৰান্ত হোৱা শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সভাখনত সভাপতিত্ব কৰিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

পত্ৰখনত কোৱা হৈছে, “যদি কোনো বিধায়ক আজি সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া সভাত উপস্থিত নাথাকে, তেন্তে নিশ্চিত কৰা হ’ব যে তেওঁ দল ত্যাগ কৰিব বিচাৰে আৰু দলীয় নীতিৰ অধীনত তেওঁৰ সদস্যপদ বাতিল হ’ব।”

কিছু সময় পূৰ্বে ঠাকৰেই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত কৰিছিল। ইয়াৰ পিছতে এইবাৰ দলীয় বৈঠকৰ আহ্বান কৰি এই পত্ৰখন প্ৰকাশ কৰা হৈছে।

এই বৈঠকত বিসম্বাদী বিধায়ক সকল উপস্থিত নথকাটো প্ৰায় নিশ্চিত হৈছে। কাৰণ বিসম্বাদৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেৰ সৈতে সকলো বিধায়ক বৰ্তমান গুৱাহাটীত আছে।

উল্লেখ্য যে চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই মঙ্গলবাৰে ফোনযোগে স্পষ্টকৈ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে দাবী জনাইছিল।

সিন্দেৰ এই দাবী নাকচ কৰি ঠাকৰেই বিজেপিৰ দ্বাৰা শিৱসেনা পূৰ্বে প্ৰতাৰিত হোৱাৰ যুক্তি দিয়ে যদিও সিন্দেই নিজৰ মততে অটল থাকে।

বিসম্বাদী নেতাগৰাকীয়ে দাবী কৰিছে যে একমাত্ৰ শিৱসেনা দলৰ উন্নতিৰ বাবেই তেওঁ এই পদক্ষেপ লৈছে। লগতে সিন্দেই তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বিধায়কসকলেও শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বিৰোধ কৰে বুলি দাবী কৰে।

অৱশ্যে সিন্দেৰ এই দাবীৰ পিছতো উদ্ধৱ ঠাকৰেই বিসম্বাদী বিধায়কসকলে পুনৰ দল আৰু চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াই ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে এই ৰাজনৈতিক অস্থিৰতাৰ সময়ত এনচিপি আৰু কংগ্ৰেছ শিৱসেনাৰ সৈতে আছে বুলিও সদৰি কৰে।

সিন্দেৰ নেতৃত্বত এই বিসম্বাদৰ পিছত ঠাকৰে চৰকাৰ ক্ষমতাত থকাটো প্ৰায় অনিশ্চিত হৈ পৰিছে। বৰ্তমান শাসনত থকা এই চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ আৰু আস্থাভোট জিকিবলৈ বিজেপিক মহাৰাষ্ট্ৰ বিধানসভাত থকা নিজা ১০৬ জনৰ ওপৰিও ৩৭ জন বিধায়কৰ প্ৰয়োজন।

কিন্তু সিন্দেই তেওঁৰ সৈতে ৪৬ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰাৰ পিছত এতিয়া অস্তিত্বৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰেৰ চৰকাৰ। যিকোনো সময়তে এতিয়া মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ পতন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm
ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd