ৰাজনৈতিক সংকটৰ মাজতে সন্ধিয়া বৈঠক আহ্বান শিৱসেনাৰ: উপস্থিত নথকা বিধায়ক হ’ব দলৰ বাহিৰ

Maharastra Crisis

ৰাজনৈতিক সংকটে বিপৰ্যয় নমাই অনাৰ পিছত মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাই আজি সন্ধিয়া এক জৰুৰী বৈঠকৰ আহ্বান কৰিছে। দলৰ বিধায়কসকললৈ এক সাৱধানবাণী জাৰি কৰি শিৱসেনাই সকলো বিধায়ককে সভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

হোৱাটছএপ, ইমেইল আৰু এছএমএছৰ জৰিয়তে প্ৰেৰণ কৰা এখন পত্ৰত শিৱসেনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ চৰকাৰী বাসভৱন বৰ্ষাত অনুষ্ঠিত হ’বলগীয়া সভালৈ সকলো বিধায়ককে তলব কৰিছে।

শেহতীয়াকৈ ক’ভিডিঅ আক্ৰান্ত হোৱা শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সভাখনত সভাপতিত্ব কৰিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

পত্ৰখনত কোৱা হৈছে, “যদি কোনো বিধায়ক আজি সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া সভাত উপস্থিত নাথাকে, তেন্তে নিশ্চিত কৰা হ’ব যে তেওঁ দল ত্যাগ কৰিব বিচাৰে আৰু দলীয় নীতিৰ অধীনত তেওঁৰ সদস্যপদ বাতিল হ’ব।”

কিছু সময় পূৰ্বে ঠাকৰেই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত কৰিছিল। ইয়াৰ পিছতে এইবাৰ দলীয় বৈঠকৰ আহ্বান কৰি এই পত্ৰখন প্ৰকাশ কৰা হৈছে।

এই বৈঠকত বিসম্বাদী বিধায়ক সকল উপস্থিত নথকাটো প্ৰায় নিশ্চিত হৈছে। কাৰণ বিসম্বাদৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেৰ সৈতে সকলো বিধায়ক বৰ্তমান গুৱাহাটীত আছে।

উল্লেখ্য যে চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই মঙ্গলবাৰে ফোনযোগে স্পষ্টকৈ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে দাবী জনাইছিল।

সিন্দেৰ এই দাবী নাকচ কৰি ঠাকৰেই বিজেপিৰ দ্বাৰা শিৱসেনা পূৰ্বে প্ৰতাৰিত হোৱাৰ যুক্তি দিয়ে যদিও সিন্দেই নিজৰ মততে অটল থাকে।

বিসম্বাদী নেতাগৰাকীয়ে দাবী কৰিছে যে একমাত্ৰ শিৱসেনা দলৰ উন্নতিৰ বাবেই তেওঁ এই পদক্ষেপ লৈছে। লগতে সিন্দেই তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বিধায়কসকলেও শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বিৰোধ কৰে বুলি দাবী কৰে।

অৱশ্যে সিন্দেৰ এই দাবীৰ পিছতো উদ্ধৱ ঠাকৰেই বিসম্বাদী বিধায়কসকলে পুনৰ দল আৰু চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াই ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে এই ৰাজনৈতিক অস্থিৰতাৰ সময়ত এনচিপি আৰু কংগ্ৰেছ শিৱসেনাৰ সৈতে আছে বুলিও সদৰি কৰে।

সিন্দেৰ নেতৃত্বত এই বিসম্বাদৰ পিছত ঠাকৰে চৰকাৰ ক্ষমতাত থকাটো প্ৰায় অনিশ্চিত হৈ পৰিছে। বৰ্তমান শাসনত থকা এই চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ আৰু আস্থাভোট জিকিবলৈ বিজেপিক মহাৰাষ্ট্ৰ বিধানসভাত থকা নিজা ১০৬ জনৰ ওপৰিও ৩৭ জন বিধায়কৰ প্ৰয়োজন।

কিন্তু সিন্দেই তেওঁৰ সৈতে ৪৬ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰাৰ পিছত এতিয়া অস্তিত্বৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰেৰ চৰকাৰ। যিকোনো সময়তে এতিয়া মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ পতন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।