• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেডিচন ব্লুত মহাৰাষ্ট্ৰ চৰকাৰৰ হৃদপিণ্ড! গুৱাহাটীৰ পৰা নিয়ন্ত্ৰণ হ’ব মহাৰাষ্ট্ৰৰ ৰাজনীতি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2022 11:11 am
Maharashtra political crisis
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক সংকটে এতিয়া ভেঁটি কঁপাইছে মহাৰাষ্ট্ৰত। বিসম্বাদৰ পৰিণতিত এতিয়া মহাৰাষ্ট্ৰত এতিয়া ক্ষমতা হেৰুওৱাৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ। শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত একাংশ বিধায়কে চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ গঢ়ি তোলাৰ পিছত এতিয়া উদ্ধৱ ঠাকৰেৰ চৰকাৰৰ পতন ঘটাৰ আশংকাই গা কৰি উঠিছে।

তাতোকৈয়ো গুৰুত্বপূৰ্ণ মহাৰাষ্ট্ৰ চৰকাৰৰ এই উত্থান-পতন নিয়ন্ত্ৰিত হ’ব গুৱাহাটীৰ পৰা। চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ গঢ়ি তোলাৰ পিছত প্ৰথমে গুজৰাটৰ চুৰাটত আত্মগোপন কৰা একনাথ সিন্দেৰ সৈতে প্ৰায় ৪০ জন বিধায়কে এতিয়া বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত।

Apply Now

ৰাষ্ট্ৰীয় ৰাজনীতিত খলকনি তোলা মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক অস্থিৰতা আৰু চৰকাৰ ভঙা-পতাৰ খেলখন এতিয়া গুৱাহাটীৰ পৰাই নিৰ্ণয় হোৱাটো নিশ্চিত হৈ পৰিছে।

গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিসম্বাদী বিধায়ক একনাথ সিন্দেয়ে তেওঁৰ সৈতে প্ৰায় ৪৬ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰিছে। যদি সিন্দেৰ এই দাবী সঁচা হয়, তেতিয়াহ’লে সংকটৰ গৰাহত পৰিব উদ্ধৱ ঠাকৰেৰ মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ।

অৱশ্যে সিন্দেই লগতে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে বালাচাহেব ঠাকৰেৰ হিন্দুত্ব প্ৰতিনিয়ত কঢ়িয়াই নিব। “আমি বালাচাহেব ঠাকৰেৰ শিৱসেনা এৰি যোৱা নাই আৰু কেতিয়াও এৰি নাযাওঁ।”- সিন্দেই কয়।

ইফালে গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত একনাথ সিন্দেৰ নেতৃত্বৰ বিসম্বাদী বিধায়কসকলক বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে আদৰণি জনায় বুলি জানিব পৰা গৈছে। আনহাতে বিধায়কৰ দলটো ৰেডিচন ব্লুত উপস্থিত হোৱাৰ কিছুসময় পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰেডিচন ব্লুত দেখা পোৱা গৈছিল।

মহাৰাষ্ট্ৰৰ এই বিসম্বাদী বিধায়ক সকলে অসমত বাহৰ পতাৰ লগে লগে আন কিছু দিশো মূৰ দাঙি উঠিছে। সম্প্ৰতি দেশৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে। অবিজেপি শাসিত ৰাজ্যসমূহত বিধায়ক কিনা-বেচাৰ জৰিয়তে চৰকাৰ ভঙা-পতাৰ খেলত হিমন্ত বিশ্ব শৰ্মাৰ কূট কৌশল আৰু শক্তিশালী ভূমিকা বিষয়ে সৰ্বজনবিদিত।

বিশেষকৈ উত্তৰ-পূবৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ স্পষ্টৰূপত প্ৰতিফলিত হৈছে। গতিকে মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক নাটকৰ মধ্যস্থতাৰ দায়িত্ব কেন্দ্ৰই হিমন্ত বিশ্ব শৰ্মাৰ হাতত দিয়া বুলিও সম্প্ৰতি চৰ্চা চলিছে।

উল্লেখ্য যে চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই মঙ্গলবাৰে ফোনযোগে স্পষ্টকৈ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে দাবী জনাইছিল। সিন্দেৰ এই দাবী নাকচ কৰি ঠাকৰেই বিজেপিৰ দ্বাৰা শিৱসেনা পূৰ্বে প্ৰতাৰিত হোৱাৰ যুক্তি দিয়ে যদিও সিন্দেই নিজৰ মততে অটল থাকে।

বিসম্বাদী নেতাগৰাকীয়ে দাবী কৰিছে যে একমাত্ৰ শিৱসেনা দলৰ উন্নতিৰ বাবেই তেওঁ এই পদক্ষেপ লৈছে। লগতে সিন্দেই তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বিধায়কসকলেও শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বিৰোধ কৰে বুলি দাবী কৰে।

অৱশ্যে সিন্দেৰ এই দাবীৰ পিছতো উদ্ধৱ ঠাকৰেই বিসম্বাদী বিধায়কসকলে পুনৰ দল আৰু চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াই ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে এই ৰাজনৈতিক অস্থিৰতাৰ সময়ত এনচিপি আৰু কংগ্ৰেছ শিৱসেনাৰ সৈতে আছে বুলিও সদৰি কৰে।

বিজেপিৰ সৈতে দীৰ্ঘদিনীয়া মিত্ৰতা ভংগ কৰি শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে নতুন মিত্ৰতাত বান্ধ খাই ২০১৯ চনত মহাৰাষ্ট্ৰৰ ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই কেন্দ্ৰত শাসকীয় বিজেপি চৰকাৰ তথা দলৰ ঘোৰ বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে সেনাই।

কিন্তু ইয়াৰ পাছতে হঠাতে এতিয়া এই নাটকীয় পট পৰিবৰ্তনে শিৱসেনাৰ ভেঁটিত কঁপনি তুলিছে। প্ৰকাশ্যেই বিজেপিৰ ৰাজনৈতিক কূট কৌশল আৰু ধনবলৰ প্ৰতাপতে মহাৰাষ্ট্ৰত এই ৰাজনৈতিক সংকটে গা কৰি উঠাটো নিশ্চিত হৈ পৰিছে।

শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে অভিযোগ কৰিছে যে বিজেপিয়ে ৰাজস্থানৰ পিছতে মহাৰাষ্ট্ৰত ‘অপাৰেচন লটাচ’ আৰম্ভ কৰিছে। কিন্তু বিজেপিৰ এই উদ্দেশ্য কোনোপধ্যেই সফল নহ’ব বুলি ৰাউটে দাবী কৰে।

ৰাউটৰ এই অভিযোগৰ সত্যতা নথকা নহয়। এই ৰাজনৈতিক সংকটৰ পৃষ্ঠভাগত যে বিজেপিৰ মুখ্য ভূমিকা আছে খোদ মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতিৰ দ্বাৰাই নিশ্চিত হৈছে।

মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে এই অস্থিৰতাৰ সময়তে মুকলিকৈ সিন্দেৰ সৈতে সহযোগ কৰি চৰকাৰ গঠন কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰিছে।

তদুপৰি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছ এই সমগ্ৰ ঘটনাৰ আঁৰত আছে বুলিও সন্দেহ কৰা হৈছে। ফাড়নাভিছ বৰ্তমান দিল্লীত আছে আৰু কালি তেওঁ দিল্লীত বিজেপিৰ এই বিধায়ক কিনা-বেচা ৰাজনীতিৰ মূল কাণ্ডাৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে। ফাড়নাভিছে সেনাৰ বিসম্বাদী নেতা সিন্দেক চুৰাটলৈ স্থানান্তৰিত কৰাত সহায় কৰা বুলি অভিযোগ উঠিছে।

ইয়াৰোপৰি সোমবাৰে নিশা ঘোষিত মহাৰাষ্ট্ৰৰ এমএলচি নিৰ্বাচনতো সেনাৰ বিধায়কসকলে বিজেপিক ক্ৰছ-ভোট দিয়াৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। এতিয়া সিন্দেৰ মুকলি বিসম্বাদৰ পিছত ঠাকৰে চৰকাৰৰ স্থায়ীত্বৰ ওপৰত সন্দেহ ঘনীভূত হোৱাটো স্বাভাৱিক।

সিন্দেৰ নেতৃত্বত এই বিসম্বাদৰ পিছত ঠাকৰে চৰকাৰ ক্ষমতাত থকাটো প্ৰায় অনিশ্চিত হৈ পৰিছে। বৰ্তমান শাসনত থকা এই চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈ আৰু আস্থাভোট জিকিবলৈ বিজেপিক মহাৰাষ্ট্ৰ বিধানসভাত থকা নিজা ১০৬ জনৰ ওপৰিও ৩৭ জন বিধায়কৰ প্ৰয়োজন।

কিন্তু সিন্দেই তেওঁৰ সৈতে ৪৬ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰাৰ পিছত এতিয়া অস্তিত্বৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰেৰ চৰকাৰ। যিকোনো সময়তে এতিয়া মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ পতন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

সম্প্ৰতি বিজেপিৰ এই বিধায়ক কিনা-বেচা ৰাজনীতিৰ যোগেদি অবিজেপি চৰকাৰ থকা ৰাজ্যসমূহত চৰকাৰ ভঙা-পতাৰ নিকৃষ্ট পৰম্পৰা গঢ়ি তুলিছে। এনেদৰে ধনবলৰ যোগেদি চৰকাৰ উত্থান-পতন নিৰূপণৰ যি এই নিকৃষ্ট ৰাজনীতি বিজেপিয়ে চলাই আহিছে, ই ভাৰতীয় গণতান্ত্ৰিক আৰু সংসদীয় ৰাজনৈতিক ব্যৱস্থাটোক এক প্ৰহসনত পৰিণত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd