কৃতি প্ৰবীণ খেলুৱৈৰ দুৰ্দশা! দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছে এইগৰাকী এথলিটে

Athlets from Kaliabor in apoor state

ৰাজ্যৰ কৃতি খেলুৱৈ মোহনবাসী বিশ্বাস। ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰৰ এজন প্ৰবীণ খেলুৱৈৰ দুৰ্দশাৰ কাহিনীয়ে চকু সেমেকাই তুলিব সকলোৰে। কলিয়াবৰৰ পোৰাভেটি সত্ৰৰ মোহনবাসী বিশ্বাস নামৰ খেলুৱৈ গৰাকীয়ে আৰ্থিক দৈন্যতাৰ বাবেই লোকৰ ঘৰত হাজিৰা কৰি পৰিয়াল পোহপাল দিব লগা হৈছে।

১৯৫৫ চনত জন্ম গ্ৰহণ কৰা মাষ্টাৰছ এথলিট জনে ইতিমধ্যে জিলা পৰ্যায়ৰ লগতে ৰাজ্যিক পৰ্যায়তো সোণ, ৰূপ, ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰথমবাৰ মংগলদৈত ২০০৯ চনত দহ হাজাৰ, পাঁচ হাজাৰ, পোন্ধৰ শ মিটাৰ দৌৰ প্ৰতিযোগিতাত পদক দখল কৰিবলৈ সক্ষম হয়।

Also Read: মহিলাৰ বিয়াৰ বয়স ২১ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

ইয়াৰ পিছত খেলুৱৈজনে গোৱালপাৰা, ডিফু, ডিগবৈ, তিতাবৰ, চিলাপথাৰ আদিত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

তেওঁ ২০১২ চনত বাংগালোৰত অনুষ্ঠিত হোৱা মাষ্টাৰছ এথলেটিকছত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

তদুপৰি, মাইশোৰ, হায়দৰাবাদতো অসমৰ হৈ প্ৰতিনিধি কৰা খেলুৱৈজনে ইয়াৰ পিছত দেশৰ হৈ ২০১২ চনত চীনত খেলিবলৈ নিৰ্বাচিত হয় যদিও আৰ্থিক অসুবিধাৰ বাবে চীনলৈ যাব নোৱাৰিলে।

Also Read:মাত্ৰ ১টকাত ৩০ দিনৰ ভেলিডিটি, বিনামূলীয়া ডাটা! কি এই Jioৰ ধামাকা প্লেন?

এতিয়াও কঠোৰ অনুশীলন অব্যাহত ৰখা খেলুৱৈজনে অনাগত দিনবোৰতো ৰাজ্যৰ হৈ প্ৰতিনিধি কৰি যোৱাৰ আশা পুহি ৰাখিছে।