ত্যাগৰ মূল্য নাই বিজেপিত! বাঢ়ি থোৱা ভাত খাই নোদোকা হ’ল কোন? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চৰম স্পৰ্ধা! ন-বিজেপি হৈয়ো জ্যেষ্ঠ বিজেপি নেতাক সকিয়নী দিয়াৰ চৰম স্পৰ্ধা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই! জ্যেষ্ঠ বিজেপি নেতাক ত্যাগৰ মূল্য দিব নোৱাৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
কিন্তু বিৰোধী নেতা বা কংগ্ৰেছী নেতাক কটু সমালোচনা কৰাৰ দৰেই বিজেপিৰ জ্যেষ্ঠ নেতাক ইমান তুচ্ছ-তাচ্ছিল্য কিয়? ৰাজেন গোহাঁই কংগ্ৰেছী নে বিৰোধী নেতা? নে ৰাজেন গোহাঁই বিজেপিৰ জ্যেষ্ঠ পুৰণি নেতা? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য বিজেপিৰ নীতি-আদৰ্শৰ পৰিপন্থী নহয় নে? জ্যেষ্ঠ জনক সন্মান কৰিব লাগে বুলি RSSৰ প্ৰশিক্ষণত নিশিকালে নেকি মন্ত্ৰী জয়ন্ত মল্লক! ২০১৫ চনত কংগ্ৰেছৰ পৰা ডলাৰ বগৰীৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত ধৰি আহি বিজেপিত যোগদান দিয়া নেতা জয়ন্ত মল্লৰ হুংকাৰ পুৰণি বিজেপি নেতাক।
উল্লেখযোগ্যে যে, শুকুৰবাৰে পদত্যাগ পত্ৰ দাখিল কৰি আহিয়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰদৰ্শন কৰিছিল বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে। কিয়নো সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সাক্ষাত কৰি জনাইছিল যদিও সেয়া পাছত হৈ নুঠাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। উল্লেখ্য যে এজন মুখ্যমন্ত্ৰী ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ মুখ্যমন্ত্ৰী মন্ত্ৰী জয়ন্ত মল্লই ভবাৰ দৰে কোনো দলৰ ব্যক্তিগত মুখ্যমন্ত্ৰী নহয়। সেয়েহে কিবা কথাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ থাকিলে প্ৰকাশ কৰাৰ নৈতিক অধিকাৰ প্ৰতিগৰাকী নাগৰিকৰে আছে। কিন্তু সীমা চেৰাই গৈ চৰম উদ্ধতালিৰে জ্যেষ্ঠ বিজেপি নেতা তথা বিজেপিৰ ভেটি অসমত সূ-দৃঢ় কৰিবলৈ প্ৰয়াস কৰা বিজেপিৰ বৰ্তমানো নেতা হৈ থকা ৰাজেন গোহাঁইৰ কংগ্ৰেছৰে মিতিৰালি থকা বুলি কটাক্ষ কৰিবলৈও চৰম স্পৰ্ধা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
ঘৰৰ ভিতৰৰ কাজিয়া বা কিবা কিবি খুট খাট এতিয়া কোনে বেছিকৈ পোহৰলৈ আনিলে? জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই নে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই? জ্যেষ্ঠ বিজেপি নেতাক কটাক্ষ কৰিবলৈকে নীতিপাঠ দিয়া হয় নেকি বিজেপিত? নে জ্যেষ্ঠক অসন্মান কৰাটো বিজেপিৰ আদৰ্শ নেকি? সেই প্ৰশ্নই স্বাভাৱিকতে উত্থাপিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আচৰণত। কথাৰ কথা এটাহে কওঁ… ঘৰ এখনৰ জ্যেষ্ঠ লোক এজনে যদি কেতিয়াবা গুৰুত্বহীনতাত ভুগি আক্ষেপ কৰে বা অভিমান কৰে তেওঁক তুচ্ছ তাচ্ছিল্য বা কটু কথাৰে সমালোচনা কৰি ঘৰখ ত্যাগ কৰাৰ বাবে বাধ্য কৰাতো সমিচীন নে তেওঁক বুজাই বঢ়াই মৰমেৰে আঁকোৱালি লোৱাটো সমিচীন? কিন্তু কি কৰিলে ২০১৫ চনত গেৰুৱা সাজ পিন্ধা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উত্তৰটো ৰাইজলৈ এৰিলো।