NORTHEAST NOW (Assamese)

নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধান মন্ত্ৰী যিয়ে দেশৰ শক্তিশালী অৰ্থনীতি তললৈ নমাই আনিলে : আনন্দ শৰ্মা

January 21, 2020 3:31 pm · কল্পজ্যোতি শইকীয়া
গুৱাহাটীত কংগ্ৰেছৰ সংবাদমেল

জেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্য সভাৰ উপ-দলপতি আনন্দ শৰ্মাই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত শৰ্মাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক চোকা সমালোচনা কৰে।

‘‘বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল এতিয়া তাৰ ওলোটা কাম কৰি আছে। বিজেপিয়ে সৱকা সাথ সৱকা বিকাশৰ কথা কৈছিল যদিও কাৰো বিকাশ কৰিব পৰা নাই,’’ শৰ্মাই কয়।

আনহাতে, বিজেপি চৰকাৰৰ দিনত দেশত নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ লগতে কাৰখানা বন্ধ হৈ লাখ লাখ লোকে চাকৰি হেৰুৱালে বুলিও শৰ্মাই লগতে কয়।

তদুপৰি, ৪৫ বছৰৰ পাছত দেশত বিত্তীয় সংকটে দেখা দিছে বুলিও কংগ্ৰেছী নেতা গৰাকীয়ে অভিযোগ কৰি নৰেন্দ্ৰ মোদীয়ে প্ৰথম প্ৰধান মন্ত্ৰী যি শক্তিশালী অৰ্থনীতি তললৈ নমাই আনিলে বুলি সমালোচনাত মুখৰ হৈ পৰে।

আনন্দ শৰ্মাই সংবাদমেলত নাগৰিকত্ব(সংশোধন)আইনৰো কোনো প্ৰয়োজন নাই বুলি কয়।

‘‘C(A)A-ৰ অসমতো প্ৰয়োজন নাই, উত্তৰ-পূৱতো প্ৰয়োজন নাই।অসম চুক্তিক অমান্য কৰি ভিত্তি বৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে ২০১৪ কৰিলে। C(A)A-ৰ কি প্ৰয়োজন আছিল তাৰ উত্তৰ বিজেপিয়ে দিয়া নাই। গোটেই দেশে C(A)A-ৰ বিৰোধিতা কৰিছে। এই বিলখন সংবিধান বিৰোধী, সংবিধানৰ মূল কাঠামোত ই আঘাত হানিছে,’’ আনন্দ শৰ্মাই সংবাদমেলত কয়।

তেওঁ লগতে নাগৰিকত্ব(সংশোধন)আইনে অসম চুক্তিৰ ৬ নং দফা ভংগ কৰিছে বুলিও উল্লেখ কৰে।

Related News