ৰাজ্যৰ নতুন মুখ্য সচিব নিযুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া পৱন কুমাৰ বৰঠাকুৰ

ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে নিযুক্ত পৱন কুমাৰ বৰঠাকুৰ।

Paban Kumar Borthakur appointed new Chief Secretary ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) জ্যেষ্ঠ বিষয়া পবন কুমাৰ বৰঠাকুৰক অসমৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে। 

অহা ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিবলগীয়া অসমৰ বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাৰ পৰা বৰঠাকুৰে দায়িত্ব গ্ৰহণ কৰিব।

এক চৰকাৰী জাননীত কোৱা হৈছে, “২০২২ চনৰ ৩১ আগষ্টত অসমৰ মুখ্য সচিব আই এ এছ জিষ্ণু বৰুৱাৰ অৱসৰৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আইএএছ পৱন কুমাৰ বৰঠাকুৰক অসম চৰকাৰৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে।‘’

বৰঠাকুৰে বৰ্তমান ৰূপান্তৰ আৰু উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু অসম প্ৰশাসনিক ন্যায়াধিকৰণ বিভাগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

বৃহস্পতিবাৰে জাৰি কৰা এক চৰকাৰী জাননী অনুসৰি জিষ্ণু বৰুৱাই ৩১ আগষ্টত মুখ্য সচিব হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত দুবছৰৰ বাবে এপিডিচিএলৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি যাব।

১৯৮৯ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ এগৰাকী আইএএছ বিষয়া বৰঠাকুৰ জন্মসূত্ৰে নগাঁও জিলাৰ কালিয়াবৰৰ বাসিন্দা।

৫৮ বছৰীয়া বৰাঠাকুৰে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।