NORTHEAST NOW (Assamese)

Journalist commits suicide অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা জ্যেষ্ঠ সাংবাদিক বিকাশ মৰানৰ!

January 11, 2022 11:12 am · অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

Journalist commits suicide তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক ৫১বছৰীয়া বিকাশ মৰানে সোমবাৰে নিশা নিজ বাসগৃহতে নিজকেই গুলীয়াই আত্মহত্যা কৰে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে তেওঁ নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰিছে। কিন্তু কি কাৰণে তেওঁ আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

বিকাশ মৰান গুৱাহাটীৰ এটা টেলিভিশ্বন চেনেলৰ সৈতে জড়িত হৈ থকাৰ উপৰি আন সংবাদ সংস্থাৰ সৈতেও কাম কৰিছিল।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেবজিৎ দেউৰীয়ে কয়,’’আমি তেওঁৰ কোঠাৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰিছো। আমি তেওঁৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছো আৰু প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিছো। এই মুহূৰ্তত আমি ইয়াক এটা আত্মহত্যাৰ ঘটনা বুলি ক’ব নোৱাৰো। প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে কোঠাটোলৈ বাহিৰৰ পৰা কোনো লোক অহা নাছিল।‘’

লগতে পঢ়ক: বনভোজলৈ যাবলৈ অনুমতি নিদিয়াৰ বাবেই মহানগৰীত ১৯বছৰীয়া যুৱতীৰ আত্মহত্যা!

জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত তিনিচুকীয়া প্ৰেছ ক্লাৱকে ধৰি তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ সংবাদ মহলত শোকৰ ছাঁ পৰিছে।

বিকাশ মৰানে অলপতে এটা নিউজ চেনেলৰ বাবে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল।

‘’ বিকাশ মৰানে আত্মহত্যা কৰিব পাৰে বুলি আমি কল্পনাই কৰিব নোৱাৰো। তেওঁ এগৰাকী দৃঢ়মনা ব্যক্তি আছিল আৰু বৰ সৰবৰহী হোৱাৰ লগতে আমাৰ সৈতে ধেমালিও কৰিছিল। বাতৰিটো শুনাৰ পাছত আমি স্তম্ভিত হৈ পৰিছো কিয়নো এদিন আগতেও তেওঁক আমি লগ পাইছিলো,’’- তিনিচুকীয়াৰ এগৰাকী সাংবাদিকে কয়।

Related News