পৰেশ বৰুৱাক মৃত্যুদণ্ড দিম বুলি ঘোষণা কৰিলো: ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী

দীৰ্ঘদিনে সমালোচনা কৰি অহা আলফা (স্বাধীন) বিশেষকৈ সেনাধ্যক্ষ পৰেশ বৰুৱাক পুনৰ ক্ষুৰধাৰ সমালোচনা কৰিছে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে।

‘’পৰেশ বৰুৱাৰ মৃত্যুদণ্ড দিয়াৰ অধিকাৰ নাই। আলফাই যদি মৃত্যুদণ্ড দিয়ে পৰেশ বৰুৱাকো মই মৃত্যুদণ্ড দিম বুলি আজি ঘোষণা কৰিলোঁ’।” পৰেশ বৰুৱাৰ বিৰুদ্ধে গুৱাহাটীত এই বিস্ফোৰক মন্তব্য কৰে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে।

তেওঁ লগতে কয়, “আলফা অসমৰ কাৰণে বিভীষিকা, আপদ। পৰেশ বৰুৱাই যদি পথৰ সংস্কাৰ নকৰে তেতিয়া অসমৰ বুৰঞ্জীত এক কলংকিত নায়ক হিচাপে চিৰদিনৰ বাবে দেশদ্ৰোহীৰ তালিকাত থাকিব”।

লগতে পঢ়ক: বিজু গগৈ ওৰফে ভাগ্য অসমক মৃত্যুদণ্ড বিহা সন্দৰ্ভত স্পষ্টীকৰণ আলফা স্বাধীনৰ; কি ক’লে?

ইপিনে, পৰেশ বৰুৱাই সৃষ্টিৰ নামত একো কৰা নাই বুলি দাবী কৰি চক্ৰৱৰ্তীয়ে লগতে কয়, “আলফাই প্রতিষ্ঠা কালৰে পৰা অসমত কলপুলি এটাও ৰোৱা নাই। আলফাই শিয়ালৰ দৰে জংঘলৰ পৰা কেৱল চিঞৰিব পাৰে।“

আনহাতে, আলফালৈ গমন কৰা যুৱক-যুৱতীসকল তেওঁলোকৰ পিতৃ-মাতৃ আৰু কাষৰীয়া সমাজখনৰ শিক্ষাৰ অভাৱৰ বাবে গৈছে বুলি দাবী কৰি চক্ৰৱৰ্তীয়ে লগতে কয়, “ইয়াৰ বাবে তেওঁলোক দায়ী। যিসকল ল’ৰা আলফালৈ গৈছে তেওঁলোকৰ পিতৃ-মাতৃ অশিক্ষিত।“

লগতে পঢ়ক:  বৰষুণক নেওচি চাহ শ্ৰমিকৰ প্ৰতিবাদ; তাৰ মাজতে ডলু চাহ বাগিছাত চলিল প্ৰশাসনৰ বুলডজাৰ

এইখিনিতে উল্লেখ কৰিব লাগিব যে, বিগত বহু দিন ধৰি আলফা স্বাধীন বিশেষকৈ পৰেশ বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ কেতবোৰ মন্তব্য প্ৰদান কৰি আহিছে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে।