চি পি আই (মাওবাদী)ৰ জ্যেষ্ঠ নেতা তথা সংগঠনটোৰ পলিটব্যুৰো আৰু কেন্দ্ৰীয় সামৰিক আয়োগৰ সদস্য মল্লোজুলা বেণুগোপাল ৰাও ওৰফে সোণুৱে মঙলবাৰে (১৪ অক্টোবৰ) মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত আন ৬০জন মাওবাদী সতীৰ্থৰ সৈতে আত্মসমৰ্পণ কৰে।
সত্তৰ বছৰীয়া বেণুগোপালৰ আত্মসমৰ্পণে দলটোৰ মতাদৰ্শগত শক্তি আৰু যোগাযোগ ব্যৱস্থাত আঘাত হানিছে। বেণুগোপাল আছিল ছত্তীশগড়ৰ বনাঞ্চলত কাম কৰা মাওবাদী আৰু বহিঃজগতৰ মাজত থকা সেতু।
দুহেজাৰ দহ চনত দলৰ মুখপাত্ৰ চেৰকুৰি ৰাজকুমাৰ (আজাদ)ক হত্যা কৰাৰ পাছত বেণুগোপাল দলৰ মুখপাত্ৰ হৈ তেতিয়াৰ পৰাই ‘অভয়’ ছদ্মনামেৰে প্ৰেছ বিবৃতি প্ৰকাশ কৰি আহিছে।
তেলেংগানাৰ পেড্ডাপল্লী জিলাৰ বাসিন্দা বেণুগোপাল ২০১১ চনত নিহত হোৱা মাওবাদী নেতা মল্লোজুলা কোটেশ্বৰ ৰাও ওৰফে কিষাণ জীৰ কনিষ্ঠ ভাতৃ। তেওঁৰ পিতৃ আৰু ককাক স্বাধীনতা সংগ্ৰামী আছিল।
খবৰ অনুসৰি বেণুগোপাল আৰু তেওঁৰ সতীৰ্থসকল ৰেডিকেল ষ্টুডেণ্টছ ইউনিয়ন আৰু পিপলছ ৱাৰ গ্ৰুপৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বেণুগোপালে পেড্ডাপল্লীৰ চৰকাৰী ডিগ্ৰী মহাবিদ্যালয়ত অধ্যয়ন কৰি আশীৰ দশকত পিপলছ ৱাৰ গ্ৰুপত যোগদান কৰে।
বেণুগোপালক অভয়, ভূপতি, বিবেক, ৰাজন আদি বিভিন্ন নামেৰে জনা যায়।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত তেওঁৰ পত্নী বিমলা সিদাম ওৰফে তাৰাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।





