কৰ’না ভেকচিনৰ জৰুৰী প্ৰয়োগৰ আবেদন নাকচৰ বাতৰিকলৈ বিভ্ৰান্ত দেশৰ জনতা

aaaaaa India_1280p

ছেৰাম ইনষ্টিটিউটে  কৰ’না ভেকচিনৰ জৰুৰী প্ৰয়োগৰ বাবে জনোৱা আবেদন নাকচ হৈছে বুলি একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে।

ছেৰামে ডিজিচিআইৰ পৰা এই ভেকচিন প্ৰয়োগৰ অনুমতি বিচাৰি আবেদন কৰিছিল।

ৰাষ্ট্ৰীয় সংবাদমাধ্যম একাংশই দিয়া বাতৰি অনুসৰি আজি সেই আবেদন নাকচ কৰে চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গানাইজেছনে।

প্ৰতিষ্ঠানটোৱে বিশেষজ্ঞ কমিটিৰ বৈঠকৰ পিছতে ক’ৰ’নাৰ ভেকচিনৰ জৰুৰী প্ৰয়োগৰ বিষয়টোত নেতিবাচক সঁহাৰি জনায়।

ছেৰাম ইনষ্টিটিউটে এই প্ৰসংগত পৰ্যাপ্ত আৰু কাৰ্যকৰী তথ্য দাখিল কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই এই ক্ষেত্ৰত জৰুৰী প্ৰয়োগৰ অনুমতি দিব পৰা নাযাব বুলি সংস্থাটোৱে কয়।

উল্লেখ্য দুদিন পূৰ্বে মুৰব্বীয়ে জানিবলৈ দিছিল যে তেওঁলোকে জৰুৰীভিত্তিত ভেকচিন প্ৰয়োগৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আবেদন জনাব।

চলিত মাহৰ আৰম্ভণিতে পুনিৱালাই জনাইছিল যে তেওঁলোকে ভাৰতত যাতে আগেয়ে ভেকচিনৰ যোগান ধৰা সম্ভৱ হয় সেয়া চেষ্টা কৰিব। সংস্থাটোৱে প্ৰথমতে নিজৰ দেশত ভেকচিন দি পাছত আন দেশলৈ প্ৰেৰণ কৰিব বিচাৰিছে।

ছেৰামে জানিবলৈ দিয়ে মতে ভেকচিনকলৈ শংকিত হোৱাৰ প্ৰয়োজন নাই আৰু সকলো দিশ বিবেচনা কৰিয়েই ইয়াক প্ৰস্তুত কৰা হৈছে।

যদি অক্সফোৰ্ড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল পজিটিভ হয় তেতিয়া অনুমোদনৰ পাছতেই ভেকচিন বজাৰত উলিয়াই দিয়া হ’ব বুলিও কথা ওলাইছিল।

চলিত মাহৰ ভিতৰতেই অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু আষ্ট্ৰাজেনেকাৰ কৰ’না বেকচিন প্ৰস্তুত হৈ উঠাৰ সম্ভাৱনা আছে। ভাৰতত এই ভেকচিনৰ কামত  নিয়োজিত হৈ আছে ছেৰাম ইনষ্টিটিউট।

ইপিনে  একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ছেৰাম ইনষ্টিটিউটে  কৰ’না ভেকচিনৰ জৰুৰী প্ৰয়োগৰ বাবে জনোৱা আবেদন  সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গানাইজেছনে।

এই সন্ধৰ্ভত একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা বাতৰি ভুৱা বুলি কৈছে।

ফলত বিভ্ৰান্তিত পৰিছে সাধাৰণ জনতা।