NORTHEAST NOW (Assamese)

ব্ৰিটেইনত অঘটন: ভাৰতত বন্ধ হ’ল কোভিডৰ ভেকচিনৰ পৰীক্ষণ

September 10, 2020 7:03 pm · এন ই নাও নিউজ
Updated: September 11, 2020 3:38 pm

কোভিডৰ ভেকচিনকলৈ দেশবাসীয়ে উৎকন্ঠাৰে অপেক্ষা কৰি থকাৰ মাজতে ছেৰাম ইনষ্টিটিউটে কোভিডৰ ভেকচিনৰ পৰীক্ষণ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

আজি পুৱাৰ ভাগলৈকে ছেৰাম ইনষ্টিটিউটে কোভিডৰ ভেকচিনৰ পৰীক্ষণ বন্ধ কৰা নহয় বুলি কৈ আহিছিল যদিও ভাৰতৰ ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলৰ নিৰ্দেশত কোভিডৰ ভেকচিনৰ পৰীক্ষণ বন্ধ কৰিবলৈ বাধ্য হয় ছেৰাম ইনষ্টিটিউট।

ছেৰাম ইনষ্টিটিউটে অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাৰ ভেকচিন বিধৰ পৰা ডি এন এ ভেকচিন প্ৰস্তুতৰ বাবে অনুমতি লাভ কৰিছিল।

সেইমৰ্মে প্ৰতিষ্ঠানটোৱে দেশৰ ২০ টা স্থানত ১৬০০ গৰাকী লোকৰ দেহত কোভিডৰ ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰিছিল।

কিন্তু শেহতীয়াকৈ ব্ৰিটেইেনৰ এজন স্বেচ্ছাসেৱক কোভিডৰ ভেকচিন গ্ৰহণ কৰাৰ পিছতে গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত ব্ৰিটেইন,আমেৰিকা,ব্ৰাজিল আদি দেশ সমূহে কোভিডৰ ভেকচিনৰ পৰীক্ষা বন্ধ কৰি দিয়া হয়।

কিন্তু অন্য দেশ সমূহত কোভিডৰ ভেকচিন বিধৰ পৰীক্ষণ বন্ধ হ’লেও ভাৰতত সেই ভেকচিনৰ পৰীক্ষণ বন্ধ কৰা নহ’ব বুলিহে ছেৰাম ইনষ্টিটিউটে ঘোষণা কৰিছিল।

ইয়াৰ পিছতে মানুহৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি নজৰ ৰাখি ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলে ভেকচিন বিধৰ পৰীক্ষণ বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

ফলত আন বহু কেইখন দেশৰ দৰে ভাৰততো বন্ধ হৈ পৰিল কোভিডৰ ভেকচিনৰ পৰীক্ষণ।

এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰি ড্ৰাগছ কন্ট্ৰলাৰ জেনেৰেলে কয় যে কোভিডৰ ভেকচিনৰ পৰীক্ষণৰ ক্ষেত্ৰত প্ৰথমে গুৰুত্ব দিব লাগিব সুৰক্ষাৰ দিশটোৰ প্ৰতি।

Related News