NORTHEAST NOW (Assamese)

ভেকচিনৰ জৰুৰী প্ৰয়োগৰ অনুমতি বিচাৰি এইবাৰ ছেৰাম ইনষ্টিটিউটৰ আবেদন

December 7, 2020 10:10 am · এন ই নাও নিউজ

দেশৰ ছেৰাম ইনষ্টিটিউটে এইবাৰ কৰ’না ভেকচিনৰ জৰুৰী প্ৰয়োগৰ বাবে আবেদন জনাইছে। ছেৰামে ডিজিচিআইৰ পৰা এই ভেকচিন প্ৰয়োগৰ অনুমতি বিচাৰিছে।

শনিবাৰে সংস্থাটোৰ মুৰব্বীয়ে জানিবলৈ দিছিল যে তেওঁলোকে জৰুৰীভিত্তিত ভেকচিন প্ৰয়োগৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আবেদন জনাব।

চলিত মাহৰ আৰম্ভণিতে পুনিওৱালাই জনাইছিল যে তেওঁলোকে ভাৰতত যাতে আগেয়ে ভেকচিনৰ যোগান ধৰা সম্ভৱ হয় সেয়া চেষ্টা কৰিব। সংস্থাটোৱে প্ৰথমতে নিজৰ দেশত ভেকচিন দি পাছত আন দেশলৈ প্ৰেৰণ কৰিব বিচাৰিছে।

ছেৰামে জানিবলৈ দিয়ে মতে ভেকচিনকলৈ শংকিত হোৱাৰ প্ৰয়োজন নাই আৰু সকলো দিশ বিবেচনা কৰিয়েই ইয়াক প্ৰস্তুত কৰা হৈছে।

ইপিনে, ডিচেম্বৰৰ আৰম্ভণিতেই যদি অক্সফোৰ্ড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল পজিটিভ হয় তেতিয়া অনুমোদনৰ পাছতেই ভেকচিন বজাৰত উলিয়াই দিয়া হ’ব।

আষ্ট্ৰাজেনেকাই জানিবলৈ দিছে যে অক্সফোৰ্ডৰ কোভিশ্বিল্ড মানৱ শৰীৰত ৯০শতাংশ কাৰ্যকৰী প্ৰমানিত হ’ব। বিশেষজ্ঞসকলে বৰ্তমানলৈ বিশ্বত কাম চলি থকা ভেকচিনসমূহৰ ভিতৰত আটাইতকৈ বেছি কাৰ্যকৰী তথা নিৰাপদ বুলি ভাৱে।

চলিত মাহৰ ভিতৰতেই অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু আষ্ট্ৰাজেনেকাৰ কৰ’না বেকচিন প্ৰস্তুত হৈ উঠাৰ সম্ভাৱনা আছে। ভাৰতত এই ভেকচিনৰ কামত  নিয়োজিত হৈ আছে ছেৰাম ইনষ্টিটিউট।

Related News