এটা ধুনীয়াকৈ সজোৱা ঘৰ। ঘৰটোত বাস কৰে ভাৰতীয় মূলৰ এজন লোকে।লোকজনে কেতিয়াও জনা নাছিল যে ঘৰটোৰ তলতে বছৰৰ পিছত বছৰ ধৰি পৰি ৰৈছে আন এটি ঘৰ।
দৰাচলতে ঘৰৰ তলত থকা সেই ঘৰটো এটা বাংকাৰহে।
সেই বাংকাৰটোৰ বিষয়ে ঘূণাক্ষৰেও জনা নাছিল ঘৰটোৰ গৰাকীয়ে।
ব্ৰিটেইনৰ উলভাৰহাম্পটনত থকা সেই ঘৰটো সজা হৈছিল ১৯২০ চনত।
কেতিয়া শত্ৰুপক্ষই বোমাৰে কোনো এটা অঞ্চল উৰুৱাই দিয়ে তাৰ কোনো নিশ্চিতি নাছিল।
সেয়ে ঘৰটো সজাৰ সময়তে ঘৰটোৰ গৰাকীয়ে মূল ঘৰটোৰ তলতে সাজিছিল এটা বাংকাৰ।
শত্ৰুপক্ষই বোমা নিক্ষেপ কৰিলেও যাতে ৰক্ষা পৰিব পাৰি সেই উদ্দেশ্যলৈয়েই মাটিৰ তলত সজা হৈছিল বাংকাৰ ৰূপী সেই ঘৰটো।
কিছু বছৰ পিছত ঘৰটো আন এজন লোকক বিক্ৰী কৰি দিয়া হয়।অৱশ্যে ঘৰটো বিক্ৰী কৰাৰ সময়তে পূৰ্বৰ গৰাকীয়ে নতুন মালিকক ঘৰটোৰ তলত যে ওটা বাংকাৰ আছে সেই কথা জনোৱা নাছিল।
নতুন মালিকে ঘৰটো চোৱা-চিতা কৰাৰ দায়িত্ব দিয়ে ভাৰতীয় মূলৰ ব্যক্তি খাণ্ডু পেটেলক।
পেটেলে ঘৰটোৰ কাষতে থকা ঢাকনি এখন দেখি কৌতূহলবশতঃ এদিন সেই খন খুলি পেলালে।
ঢাকনি খন খুলি আচৰিত হৈ পৰিল খাণ্ডু পেটেল।
এয়া কি ঘৰৰ তলতে আৰু এটা ঘৰ!তেওঁ চিৰিৰে মাটিৰ তলত থকা ঘৰটোলৈ নামি গ’ল আৰু আৱিষ্কাৰ কৰিলে আহল-বহল এটি কোঠা।
বিশ্বযুদ্ধৰ সময়তে সজা এই বাংকাৰটোৰ সদব্যৱহাৰ কৰাৰ চিন্তাত মগ্ন হ’ল পেটেল।
অৱশেষত তেওঁ সেই বাংকাৰটোত স্থাপন কৰিলে এখন বাৰ। বিশ্বযুদ্ধৰ বাংকাৰত বহি মদ খাবলৈ এতিয়া ভিৰ কৰিছে বহু লোকে।