NORTHEAST NOW (Assamese)

বিশ্ব অভিলেখ! ১০ছেকেণ্ডৰ ভিতৰতেই ধ্বংস কৰা হ’ল ১৪৪মহলীয়া অট্টালিকা

December 10, 2020 6:26 pm · এন ই নাও নিউজ
ফটো: ফে'চবুকৰ সৌজন্যত।

এটা বিশালাকায় অট্টালিকা নিৰ্মাণ কৰোত কেইবাবছৰো লাগে। কিন্তু সেইটো ধ্বংস কৰিব পাৰি মাথোঁ কেই ছেকেণ্ড মানৰ ভিতৰতে।

সংযুক্ত আৰৱ আমিৰশ্বাহীৰ আবুধাবিত বিশ্ব অভিলেখ গঢ়ি ঘটিছে এনে এক ঘটনা।

ইয়াত ১৪৪মহলা বিশিষ্ট টাৱাৰ মাথোঁ ১০ ছেকেণ্ডৰ ভিতৰতে ধ্বংস কৰি পেলোৱা হৈছে।

ইমান কম সময়ৰ ভিতৰতে ১৪৪মহলাৰ মীনা প্লাজাৰ এই টাৱাৰটো ভাঙি পেলোৱাৰ পাছত ইয়াৰ নাম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হয়।

ইয়াৰ পূৰ্বে ইমান উচ্চতাৰ অট্টালিকা এনেদৰে চকুৰ পলকতে ভাঙি পেলোৱাৰ দৃষ্টান্ত নাই।

১৬৫ মিটাৰ উচ্চতাৰ টাৱাৰটো এটা নিয়ন্ত্ৰিত ডিনামাইটেৰে ব্লাষ্ট কৰি ভাঙি পেলোৱা হয়। অট্টালিকাটো ধ্বংস কৰোতে প্ৰায় ৯১৫ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা হয়।

১৬৫ মিটাৰৰো অধিক উচ্চতাৰ অট্টালিকা এটা এইদৰে চকুৰ পচাৰতে ধ্বংস হৈ যোৱা এই ঘটনা ইতিহাসত প্ৰথম ঘটনা।

যোৱা ২৭ নৱেম্বৰত আবুধাবিত এই অট্টালিকাটো মোডান প্ৰপাৰ্টিয়ে ক্ৰয় কৰিছিল। আবুধাবি পৌৰ প্ৰশাসকে অট্টালিকাটো ভাঙি দিয়াৰ ঘোষণা কৰে।

অট্টালিকাটো ধ্বংস কৰাৰ পূৰ্বে অঞ্চলটোৰ দোকান-পোহাৰ, বজাৰসমূহ সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।

অট্টালিকাটো ভাঙি পেলোৱাৰ পাছত মোডানৰ মুখ্য কাৰ্যবাহী বিল অ’ৰেগনে সেই ছাইটটো পৰিদৰ্শন কৰে।

Related News