চীনত অচিন ৰোগ! পোকৰ কামোৰত বিয়পিছে ভাইৰাছ; ৭জনৰ মৃত্যু, আক্ৰান্ত ৬০জন

WhatsApp Image 2020-08-06 at 3.53.50 PM

প্ৰতিনিধিত্বমূলক ফটো।

কৰ’নাৰ সংহাৰ নিয়ন্ত্ৰণৰ বাবে গোটেই বিশ্ব এতিয়া ব্যস্ত। চীনৰ উহানৰ পৰা বিয়পি পৰা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বকে এতিয়া ছানি ধৰিছে।

কৰ’নাৰ ফলত এতিয়ালৈকে সাত লাখতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে আৰু ১ কোটি ৮০লাখতকৈয়ো অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ইয়াৰ মাজতে এইবাৰ চীনত আৰম্ভ হৈছে আন এক নতুন ভাইৰাছৰ আতংক।

বিশেষজ্ঞসকলে জানিবলৈ দিছে যে এক ধৰণৰ ৰক্তপায়ী পোকৰ পৰা এই ভাইৰাছৰ সংক্ৰমণ বিয়পি পৰিছে।

চৰকাৰীভাৱে প্ৰকাশ কৰা মতে চীনত আৰম্ভ হোৱা এই নতুন ভাইৰাছৰ সংক্ৰমণৰ ফলত সাতজনৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ৬০জনলৈ বৃদ্ধি পাইছে।

বাতৰি অনুসৰি, পূব চীনৰ জিয়াংসু প্ৰদেশত এতিয়ালৈকে ৩৭জনৰ দেহত নতুন Severe fever with thrombocytopenia syndrome (SFTS)ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

এই ভাইৰাছৰ সাধাৰণ লক্ষণসমূহৰ ভিতৰত আছে নেৰানেপেৰা জ্বৰ, চৰ্দি কাহৰ লগতে লিউকোছাইটৰ সংখ্যা হ্ৰাস পোৱা। ইয়াক একলগে SFTS বুলি কোৱা হৈছে ।

আনহাতে, পূব চীনৰে আনহুই প্ৰদেশত আৰু ২৩ জন লোক এই নতুন ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

অৱশ্যে, কোভিড-১৯ ভাইৰাছৰ দৰে এই SFTS ভাইৰাছ প্ৰাণনাশী হয় নে নহয় সেয়া এতিয়াও পৰীক্ষা-নিৰীক্ষাৰ পৰ্যায়তে আছে।

বাতৰিত কোৱা হৈছে যে আনহুই আৰু জিয়াংসু প্ৰদেশত নতুন ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত সাতজন লোকৰ মৃত্যু হৈছে।

চীনৰ বিশেষজ্ঞসকলে জানিব দিয়া মতে SFTS ভাইৰাছ কোনো নতুন ভাইৰাছ নহয়। ২০১১ চনতে এই ভাইৰাছৰ পেথ’জেনক পৃথক কৰা হয় আৰু এইটো বুনিয়াভাইৰাছ শাখাত পৰিছে।

ভাইৰ’লজিষ্টসকলৰ ধাৰণা যে এক ধৰণৰ ৰক্তপায়ী পোকৰ কামোৰৰ পৰাই মানুহৰ দেহলৈ এই ভাইৰাছৰ সংক্ৰমণ ঘটিছে। পিচে, মানুহৰ পৰা মানুহলৈ এই ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা তেওঁলোকে অস্বীকাৰ কৰা নাই।

ইপিনে, চিকিৎসকসকলে সাৱধান কৰি দি জনাইছে যে পোকৰ কামোৰেই হৈছে ইয়াৰ মূল সংক্ৰমণ উৎস। অৱশ্যে, এই ভাইৰাছক লৈ এতিয়াই আতংকিত হোৱাৰ কাৰণ নাই বুলি তেওঁলোকে স্পষ্ট কৰি দিছে।