নামাজ পঢ়াই হ’ল অপৰাধ! গুজৰাট বিশ্ববিদ্যালয়ৰ ৭ বিদেশী ছাত্ৰক হোষ্টেল এৰিবলৈ নিৰ্দেশ কৰ্তৃপক্ষৰ

ধৰ্মনিৰপেক্ষ দেশ ভাৰতবৰ্ষত সংঘটিত হৈছে এক আজৱ কাণ্ড৷ ঘটনাৰ অভিকেন্দ্ৰ নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাট৷শেহতীয়াকৈ ৰাজ্যখনৰ অগ্ৰণী শিক্ষানুষ্ঠান গুজৰাট বিশ্ববিদ্যালয়ে আফগানিস্তানৰ ৬ গৰাকী আৰু পূব আফ্ৰিকাৰ এগৰাকী ছাত্ৰক হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ দিয়ে। দেওবাৰে (৭ এপ্ৰিল) শিক্ষানুষ্ঠানখনৰ এজন বিষয়াই সংবাদ সংস্থা পিটিআইক এই তথ্য প্ৰদান কৰে৷

প্ৰতিবেদন অনুসৰি প্ৰশাসনে এই নিৰ্দেশৰ কাৰণ হিচাপে ছাত্ৰকেইজন নিৰ্ধাৰিত সময়তকৈ অধিক সময় হোষ্টেলৰ কোঠাত থকাৰ বিষয়টো চিহ্নিত কৰিছে৷উল্লেখ্য যে, আফগান ছাত্ৰকেইজনে নামাজ আগবঢ়োৱাক লৈ হোৱা বিতৰ্কৰ কেইসপ্তাহমান পাছতে বিশ্ববিদ্যালয়খনৰ এই নিৰ্দেশ পোহৰলৈ আহে৷

মন কৰিবলগীয়া যে বিশ্ববিদ্যালয় কেম্পাছত কোনো মছজিদ নথকাৰ বাবে ১৬ মাৰ্চত ৰমজানৰ সময়ত বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত হোষ্টেলত ছাত্ৰ-ছাত্ৰীসকল সমবেত হোৱা বুলি ভাইবছ অৱ ইণ্ডিয়াৰ বাতৰিত প্ৰকাশ পায়। তাৰ পাছত বিশ্ববিদ্যালয়ৰ এটা ৰমজানত সমবেত হোৱা শিক্ষাৰ্থীৰ কোঠাত আক্ৰমণ কৰি তেওঁলোকৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে।

এই ঘটনাৰ পাছত শ্ৰীলংকা আৰু তাজিকিস্তানৰ দুই ছাত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।১৬ মাৰ্চৰ আক্ৰমণৰ কেইদিনমান পাছতে আফগান আৰু গাম্বিয়াৰ এটা প্ৰতিনিধি দলে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰে। পিটিআইৰ প্ৰতিবেদন অনুসৰি দলটোৱে উপাচাৰ্যৰ সৈতেও নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত বৈঠকত মিলিত হয়।বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নীৰজা গুপ্তাই সংবাদ সংস্থাটোক জনোৱা মতে, আফগানিস্তানৰ ছয়জন ছাত্ৰ আৰু পূব আফ্ৰিকাৰ এজন ছাত্ৰক নিৰ্ধাৰিত সময়তকৈ অধিক সময় থকাৰ বাবে হোষ্টেলৰ কোঠা খালী কৰিবলৈ কোৱা হৈছে।কিছু বাকী থকা প্ৰশাসনিক কামৰ বাবে এইসকল শিক্ষাৰ্থীয়ে পঢ়া-শুনা সমাপ্ত কৰি প্ৰাক্তন ছাত্ৰ হিচাপে হোষ্টেলত থকা বুলিও কয়।লগতে উপাচাৰ্যগৰাকীয়ে কয় যে গুজৰাট বিশ্ববিদ্যালয়ত ৩০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰিছে।