NORTHEAST NOW (Assamese)

‘আপোনাৰ ওপৰত ভৰসা নাই’,  নিৰ্বাচনৰ পূৰ্বে কেজৰিৱাললৈ চিঠি লিখি দল ত্যাগ কৰিলে ৭ বিধায়কে

January 31, 2025 10:11 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 31, 2025 9:19 pm

দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ৫ দিন। তাৰ আগতে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ল অৰবিন্দ কেজৰিৱাল।

৭ জন বিধায়কে ত্যাগ কৰিলে আম আদমী পাৰ্টি। কেৱল দল ত্যাগ কৰাই নহয়, কেজৰিৱালৰ ওপৰত বিশ্বাস নাই বুলি মুকলিকৈ চিঠিত লিখিলে বিধায়কে।

দল ত্যাগ কৰা বিধায়ক সকল হৈছে নৰেশ যাদৱ, ৰোহিত কুমাৰ, ৰাজেশ ঋষি, মদন লাল, পৱন শৰ্মা, ভৱন গৌৰ আৰু বি এছ জুন।

ইয়াৰ ভিতৰত ভবনাই অৰবিন্দ কেজৰিৱাললৈ লিখা পদত্যাগ পত্ৰত স্পষ্টকৈ লিখিছে, “আপোনাৰ ওপৰত মোৰ বিশ্বাস হেৰাই গৈছে।

পদত্যাগ কৰা বিধায়কসকলে কয় যে আম আদমী পাৰ্টিৰ নৈতিকতাৰ জ্ঞান হেৰাই গৈছে। যি নীতিৰে দল আৰম্ভ হৈছিল, সেই নীতি আজি নাই। এতিয়া দলটো হৈ পৰিছে দুৰ্নীতিৰ বংশবৃদ্ধি। সেইবাবেই পদত্যাগ কৰিবলৈ বাধ্য হৈছোঁ।

ইয়াৰ উপৰিও তেওঁলোকে অভিযোগ কৰে যে আপে বছৰ বছৰ ধৰি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে।  অৰবিন্দ কেজৰিৱালে দুৰ্নীতি ৰোধ কৰিব নোৱাৰিলে, তাৰ পৰিৱৰ্তে নিজেই তাৰ জালত আবদ্ধ হৈ পৰিল।

Related News