কলিয়াবৰৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা; নিশা উত্তপ্ত পৰিস্থিতি

accident Kaliabor

ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰৰ আমবাগানৰ তিনিমুনিত নিশা দ্ৰুতবেগী ব্ৰেজা গাড়ীয়ে মহতিয়াই নিয়ে চাইকেল আৰোহীক।

দুৰ্ঘটনাটোৰ ফলত ৭জন লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ হৈছে AS02 AF 8458।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ আহত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইপিনে, দুৰ্ঘটাৰ পাছতে নগাঁও-নলতলি সংযোগী ৰাজ্যিক ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

ৰাইজৰ প্ৰতিবাদৰ ফলত যাতায়ত ব্যাহত হৈ পৰে আমবাগানত।

দীর্ঘ দিনৰ পৰাই দুৰ্ঘটনা হৈ থকা এই দুৰ্ঘটনা প্ৰৱণ অঞ্চলটোৰ ৰাজপথ চোৱাত শীঘ্ৰেই গতিৰোধক প্ৰদানৰ দাবী তোলে ক্ষুব্ধ ৰাইজে।

উল্লেখ্য যে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ টোল গেট নিৰ্মাণ হোৱাৰ পাছতে যাত্ৰীসকলে টোল গেটৰ পৰা বাচিবলৈ নলতলীৰ পৰা গুৱাহাটীলৈ এই পথ চোৱাৰে যাত্ৰা কৰোঁতে অতি তীব্ৰ গতিত গাড়ী চলোৱাৰ বাবেই প্ৰতিদিনে সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আছে।

বিভাগীয় কৰ্তৃপক্ষই পথচোৱাত যি ধৰণৰ গতি বেগৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।