NORTHEAST NOW (Assamese)

কোভিড১৯ প্ৰ’টকল ভংগ : শিৱসাগৰৰ সাতটা স্থান কন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰ

April 26, 2021 4:58 pm · পাৰ্শ্বজ্যোতি গগৈ

কোভিড বিধি ভংগৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰৰ অনা অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে।

বাসগৃহত কোভিড পজিটিভ ব্যক্তি হোম কুৱাৰেন্টাইনত থকাৰ পাছতো বাহিৰত ঘূৰি ফুৰা কৰা আৰু ব্যৱসায় প্ৰতিষ্ঠান খোলা ৰখাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ইতিমধ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত ব্যৱসায় প্ৰতিষ্ঠানটোক শিৱসাগৰ জিলা প্ৰশাসনে ঘোষণা কৰিলে কন্টেইনমেন্ট জ’ন।

এই অভিযোগ উত্থাপন হৈছিল শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ দূৰ্গাদত্ত বিশ্বনাথ নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে। প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীৰ পুত্ৰ আজিজ আগৰৱালৰ যোৱা ২৩ এপ্ৰিলত কৰোনা পজিটিভ ধৰা পৰে আৰু তেওঁ ৰেডক্ৰচ ৰ’ডৰ নিজা বাসগৃহত হোম কুৱাৰেন্টাইনত থাকে।

কিন্তু স্থানীয় ৰাইজে দুদিন ধৰি বাহিৰত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰাৰ লগতে একেটা গৃহতে থকা পৰিয়ালৰ আন আন ব্যক্তিয়ে জে পি আগৰৱালা পথত থকা তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান খোলা ৰাখি সামগ্ৰী ক্ৰয় বিক্ৰয় কৰা দেখা পায়।

ইয়াৰ পিছতে শিৱসাগৰ জিলা প্ৰশাসনক প্ৰত্যক্ষদৰ্শীয়ে অৱগত কৰাত শিৱসাগৰ ৰাজহ খণ্ডৰ কোভিড প্ৰ’টকল বিষয়া ৰিজু ৰহমানে দূৰ্গাদত্ত বিশ্বনাথ ব্যৱসায় প্ৰতিষ্ঠানখন আৰু তেওঁলোকক ৰেডক্ৰ’ছৰ বাসগৃহ কন্টেইনমেন্ট জ’ন হিতাপে ঘোষণা কৰে।

বিষয়া গৰাকীয়ে জনোৱা মতে আজি শিৱসাগৰত সাতটা স্থান কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

Related News