• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছবছৰ ধৰি ভাৰতত কাৰাবন্দী হৈ থকা সাতজন ৰহিংগিয়াক আজি মোৰেহ হৈ ম্যানমাৰলৈ প্ৰত্যৰ্পণ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
October 4, 2018 10:57 am
Seven-Myanmarese-nationals-albeit-Rohingyas-being-taken-to-Moreh-in-Manipur-from-Silchar-Central-Jail-to-be-deported-to-Myanmar-on-Wednesday-750x375

ফটো : নৰ্থ-ইষ্ট নাও

356
VIEWS
Share on FacebookShare on Twitter

২০১২ চনৰ পৰা শিলচৰ চেণ্ট্ৰেল জেইলত কাৰাবন্দী হৈ থকা সাতগৰাকী ৰহিংগিয়াক আজি শিলচৰৰ পৰা ম্যানমাৰলৈ প্ৰত্যৰ্পণ কৰা হ’ব। বহু বছৰীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাতিপুৱা ৬.৩০ বজাতে লোক কেইজনক ম্যানমাৰলৈ উভতাই পঠিওৱাৰ উদ্দেশ্যে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰেহ অঞ্চললৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে ২০১২ চনতে এই ম্যানমাৰী লোক কেইজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি শিলচৰৰ নাগাটিলা অঞ্চলত বসবাস কৰিব লৈছিল। কিন্তু তেওঁলোকে যে ভাৰতত অবৈধভাৱে বসবাস কৰি আছে আৰক্ষীয়ে সেই কথাৰ উমান পাই ৰহিংগিয়া লোক কেইজনক আটক কৰি শিলচৰ চেণ্ট্ৰেল জেইলত আবদ্ধ কৰি ৰাখে।

দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকাৰ পাছত উক্ত ম্যানমাৰী লোক কেইজনে পুনৰ নিজ দেশলৈ ঘূৰি যাবলৈ ইচ্ছা প্ৰকাশ কৰাত ভাৰত চৰকাৰে ম্যানমাৰ চৰকাৰৰ লগত আলোচনা কৰে আৰু ম্যানমাৰ চৰকাৰৰ লগত আলোচনামৰ্মেই আজি ম্যানমাৰলৈ ঘূৰাই পঠিওৱা হ’ব ৰহিংগ্যা লোককেইজনক।

সুদীৰ্ঘ ৬ বছৰ জেইলত কটোৱাৰ অন্তত নিজ দেশলৈ ঘূৰি যাবলগীয়া লোককেইজন হৈছে মহম্মদ ছাবিৰ আহমেদ, মহম্মদ য়ুনুছ, মহম্মদ জামাল, মহম্মদ ছালাম, মহম্মদ মুকবুল খান, মহম্মদ ৰহিমউদ্দিন আৰু মহম্মদ জামাল হুছেইন। এই লোক কেইজন ম্যানমাৰৰ ফইডা জিলাৰ চেপতাক আৰক্ষী থানাৰ অন্তৰ্গত কেইটো (বদৰপাৰা) গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ইফালে আজি ৰাতিপুৱাই ৰহিংগিয়া কেইজনক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এ এছ ২৪ চি-২৮২৯ নম্বৰৰ এখন বাছেৰে শিলচৰ চেণ্ট্ৰেল জেইলৰ পৰা মণিপুৰৰ জিৰিবাম হৈ ম্যানমাৰলৈ ঘূৰাই পঠিওৱাৰ উদ্দেশ্যেৰে লৈ যোৱা হৈছে।

উল্লেখ্য যে প্ৰত্যাৱৰ্তনৰ সমগ্ৰ বিষয়টো কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পি ভি ভি ৰাকেশৰ নিৰীক্ষণত হৈ আছে। বিষয়টো সন্দৰ্ভত তেওঁ মন্তব্য কৰাৰ পৰাৰ বিৰত আছে যদিও সমগ্ৰ বিষয়টো গৃহমন্ত্ৰনালয়ৰ অধীনত হৈ আছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাকেশে জানিবলৈ দিয়ে।

Recent News

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd