• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তাল জে এন ইউ! এবিভিপি আৰু বাওঁপন্থী ছাত্ৰ সংগঠনৰ মাজত সংঘৰ্ষত আহত একাধিক ছাত্ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 16, 2025 8:51 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জে এন ইউ) পুনৰ অশান্তি। বুধবাৰে নিশা জে এন ইউত চলি আছিল সমাজ বিজ্ঞান বিদ্যালয়ৰ ছাত্ৰ সভা। তাতে বাওঁপন্থী এআইএছএৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰী আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মীৰ মাজত সংঘৰ্ষৰ ফলত কেম্পাছত উত্তেজনা সৃষ্টি হয়।

এই সংঘৰ্ষত কেইবাজনো ছাত্ৰ আহত হয়। গোটেই নিশা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পিছত বৃহস্পতিবাৰে পুৱালৈকে কেম্পাছৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈয়ে থাকে।

Apply Now

সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে বিশ্ববিদ্যালয়খনৰ সমাজ বিজ্ঞান বিদ্যালয় ভৱনত। তাতে নৱেম্বৰৰ প্রথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া ছাত্র সন্থাৰ নির্বাচনৰ বাবে এখন নির্বাচন আয়োগ গঠনৰ সন্দর্ভত আলোচনা চলি আছিল৷ একেখন বৈঠকতে সোঁপন্থী ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আঞ্চলিক প্ৰেক্ষাপটৰ আধাৰত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি এগৰাকী বাওঁপন্থী কাউন্সিলৰে ‘আপত্তিজনক আৰু অপমানজনক’ মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে।

এবিভিপিৰ সমাজ বিজ্ঞান বিদ্যালয়ৰ কাউন্সিলাৰ অভিষেক ৰায়ৰ দাবী, ‘সভাত এটা প্ৰতিবেদন পাঠ কৰা হৈছিল। সেই মুহূৰ্তত বাওঁপন্থী কাউন্সিলাৰ এজনে কয়, ‘উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা অহা সকল জেএনইউত থকাৰ যোগ্য নহয়। সিহঁতে আন ঠাইলৈ যাব লাগে।’

এই মন্তব্যই বৈঠকত এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰে। উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে ক্ষমা বিচাৰিলে। কিন্তু যেতিয়া এই মন্তব্য কৰা কাউন্সিলাৰ আৰু সভাৰ অধ্যক্ষ দুয়োজনেই নাকচ কৰিলে, তেতিয়া কাজিয়া আৰম্ভ হয়।

তেওঁ আৰু অভিযোগ কৰে যে, ‘বাওঁপন্থী ছাত্ৰ-ছাত্ৰীসকলে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত চকী দলিয়াইছিল, লাঠিৰে আক্ৰমণ কৰিছিল। কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ মূৰ আৰু পিঠিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।’

আনহাতে, এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় ছাত্ৰ ফেডাৰেচন আৰু সৰ্বভাৰতীয় ছাত্ৰ সন্থাই এবিভিপিক ‘গণতান্ত্ৰিক প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱা’ আৰু বাওঁপন্থী কৰ্মীক ‘শাৰীৰিক আক্ৰমণ’ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এছ এফ আইৰ এজন নেতাই অভিযোগ কৰে যে, ‘এবিভিপিয়ে নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ বাবে বৈঠকৰ সময়ত হিংসাৰ আশ্ৰয় লৈছিল। এজন ছাত্ৰকে ধৰি আমাৰ কেইবাজনো সদস্য আহত হয়।’

কিন্তু এবিভিপিয়ে এই দাবীৰ প্ৰতিহত কৰি কয় যে, ‘বাওঁপন্থী সদস্যসকলে গালি-গালাজ আৰু আঞ্চলিক অপবাদ অনাৰ পিছত সংঘৰ্ষৰ সূচনা হয়। আমি হিংসাক গৰিহণা দিছো যদিও এনে আচৰণ সহ্য নকৰো।’

বিশ্ববিদ্যালয়ৰ সূত্ৰ অনুসৰি এই সংঘৰ্ষত দুয়োপক্ষৰ ছাত্ৰ-ছাত্ৰী আহত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কেম্পাছত উপস্থিত হৈ গোটেই নিশাটো সতৰ্কতা অৱলম্বন কৰে। অৱশ্যে এতিয়ালৈকে কোনো পক্ষই লিখিত অভিযোগ দাখিল কৰা নাই বুলি প্ৰশাসনে জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে পুৱালৈকে কেম্পাছত আৰক্ষীৰ নিৰীক্ষণ অব্যাহত ৰখা হয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। প্ৰয়োজন হ’লে দুয়োপক্ষৰ পৰা বক্তব্য পোৱাৰ পিছত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে নৱেম্বৰৰ প্ৰথম সপ্তাহত জেএনইউৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন। আৰু সেই নির্বাচন উপলক্ষে নির্বাচন আয়োগ গঠনৰ বৈঠকৰ সময়ত সংঘটিত হৈছিল এই উত্তেজিত ঘটনা৷ যদিও জেএনইউত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰভাৱ সদায় আছে, এবিভিপিয়েও শেহতীয়া বছৰবোৰত এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে নিৰ্বাচনৰ পূৰ্বে এনে সংঘৰ্ষৰ ফলত পৰিস্থিতি আৰু অধিক উত্তপ্ত হ’ব পাৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd