ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ; আহত কেইবাগৰাকী শিক্ষাৰ্থী

ৰাজ্যত প্ৰচণ্ড ধুমুহাই কোবাই যোৱাৰ মাজতে মঙলবাৰে ঢেকিয়াজুলিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সোমবাৰে নিশাৰে পৰা অব্যাহত থকা ধুমুহা-বৰষুণৰ সময়তে আজি পুৱা ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰে। ফলত বাছখনত প্ৰায় বিধ্বস্ত হৈ পৰে।

বাতৰি অনুসৰি, বাছখনত থকা কেইগৰাকীও শিক্ষাৰ্থী আহত হয়। বাছখনত ঢেকিয়াজুলিৰ চেন্ট উৰচলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী আছিল। বিদ্যালয়খনৰ সন্মুখতে এই ঘটনা সংঘটিত হয়। আহত শিক্ষাৰ্থীসকলক ঢেকিয়াজুলিৰ চৰকাৰী হাস্পাতালত ভৰ্তি কৰা হয়।

ইপিনে, মৰিগাঁৱত আজি পুৱা কলেজলৈ গৈ থকা অৱস্থাত ধুমুহাৰ ফলত এডাল গছ বাগৰি পৰি এজন ছাত্ৰৰ মৃত্যু ঘটে।

লগতে পঢ়কঃ ধুমুহাৰ তাণ্ডৱ! অটোৰে কলেজলৈ গৈ থকা অৱস্থাত মৰিগাঁৱত গছ পৰি ছাত্ৰৰ মৰ্মান্তিক মৃত্যু

বাতৰি অনুসৰি, ছাত্ৰজন এখন অট’ৰে কলেজলৈ গৈ থকা অৱস্থাত মৰিগাঁৱৰ দীঘলবড়িত পথৰ মাজতে অট’ৰ ওপৰত এডাল গছ বাগৰি পৰাত ছাত্ৰজনৰ থিতাতে মৃত্যু হয়। মৃত ছাত্ৰজন গুৰুকুল মহাবিদ্যালয়ৰ কৌশিক আমফি বুলি চিনাক্ত কৰা হৈছে। মৃত কৌশিক আমফি ধূপগুৰিৰ বাসিন্দা।

ইপিনে, প্ৰচণ্ড ধুমুহা-বৰষুণৰ বাবে শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও আৰু নগাঁও জিলাত প্ৰশাসনে সকলো চৰকাৰী তথা ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। জিলা দুখনৰ আয়ুক্তই আজি এক নিৰ্দেশনা যোগে শিক্ষানুষ্ঠানসমূহ বন্ধৰ ৰখাৰ কথা ঘোষণা কৰে।

লগতে পঢ়কঃ অসমতো ৰেমালৰ তাণ্ডৱ! নিশাৰ পৰা নেৰানেপেৰা ধুমুহা-বৰষুণ; মহানগৰীত বাইকৰ ওপৰত গছ ভাঙি পৰি আহত এজন

উল্লেখ্য যে, গুৱাহাটী মহানগৰীতো বহু কেইখন বিদ্য়ালয়ৰ কৰ্তৃপক্ষই বিদ্যালয় বন্ধৰ কথা ঘোষণা কৰিছে। গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়, এছেন্ট একাডেমী, ডনবস্কো, হলী চাইল্ড, আনন্দ একেডেমী আৰু কটন কলেজিয়েট স্কুলতো বন্ধ ঘোষণা কৰা হৈছে।