দেওবাৰে পুৱতি নিশা। চাৰিওফালে এক নিমাওমাও পৰিৱেশ। তেনেতেই হঠাতে যোৰহাট চহৰত নামি আহিল প্ৰকৃতিৰ এক কালধুমুহা, যাৰ ফলত নিমিষতে মৃত্যু নামি আহিল ৬২ টাকৈ শামুকভঙা চৰাইৰ।
যোৰহাটৰ ডিচিবি ৰোডৰ কাষৰ যিখন বাঁহনি আৰু বিশাল গছ-গছনি শ শ শামুকভঙা চৰাইৰ কলৰৱত মুখৰিত হৈ আছিল, নিমিষতে সেয়া পৰিণত হ’ল এক ধ্বংসস্তূপত। প্ৰচণ্ড বতাহৰ কোবত উভালি পৰিল কেইবাজোপা গছ। লগে লগে নিৰাশ্ৰয় হৈ বতাহৰ সৈতে যুঁজিব নোৱাৰি ৰাজপথত সৰি পৰিল দুশৰো অধিক নিৰীহ চৰাই।
এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুৱালে কমেও ৬২টাকৈ শামুকভঙা চৰায়ে। আটাইতকৈ বেদনাদায়ক কথাটো হ‘ল, মৃত্যু হোৱা চৰাইবোৰৰ সৰহভাগেই আছিল উৰিবলৈ নজনা নিষ্পাপ পোৱালি। আনহাতে, ৬৮টাকৈ চৰাই আহত হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। মাত্ৰ এসপ্তাহ পূৰ্বেও একে স্থানতে ১০টাকৈ চৰাইৰ মৃত্যু হৈছিল।
পুৱাৰ পোহৰ হোৱাৰ লগে লগে এই হৃদয় বিদাৰক দৃশ্য দেখি স্থানীয় ৰাইজ শোকত ম্ৰিয়মাণ হৈ পৰে। খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক। তেওঁলোকে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই আহত চৰাইবোৰক যোৰহাট আঞ্চলিক বন কাৰ্যালয়লৈ লৈ যায়।
বন বিভাগৰ ৰেঞ্জাৰগৰাকীয়ে জানিবলৈ দিয়া মতে আহত চৰাইবোৰক উন্নত চিকিৎসাৰ বাবে পানবাৰীলৈ প্ৰেৰণ কৰা হ’ব। চিকিৎসাৰ অন্তত সিহঁত সম্পূৰ্ণ সুস্থ হৈ উঠিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুক্ত আকাশৰ তলত মুকলি কৰি দিয়া হ’ব।
ডিচিবি ৰোডৰ এই শামুকভঙা চৰাইবোৰ কেৱল বন্যপ্ৰাণীয়েই নাছিল, বৰঞ্চ বাটৰুৱা আৰু স্থানীয় বাসিন্দাৰ বাবে আছিল এক অতি আপোন আৰু চিনাকি দৃশ্য। বহু বছৰৰ এই জীৱন্ত বাসস্থানটো প্ৰকৃতিৰ ৰোষত এনেদৰে তচনচ হৈ যোৱাৰ পিছত এতিয়া এটা প্ৰশ্নই সকলোকে বাৰুকৈয়ে জোকাৰি গৈছে – জলবায়ু পৰিৱৰ্তন আৰু এনে প্ৰচণ্ড দুৰ্যোগৰ পৰা এই নিৰীহ জীৱবোৰক সুৰক্ষিত কৰিবলৈ আমি আৰু কি পদক্ষেপ লোৱা উচিত?





