NORTHEAST NOW (Assamese)

চকু পৰীক্ষা কেন্দ্ৰলৈ নি গৌৰীসাগৰত স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন ফাৰ্মাচিষ্টৰ

January 22, 2019 9:21 pm · ৰাজীৱ দত্ত

শিৱসাগৰ জিলাৰ ম’ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী ফাৰ্মাচিষ্টে এখন বালিকা বিদ্যালয়ৰ একাংশ ছাত্ৰীক চকু পৰীক্ষাৰ বাবে নিয়াৰ সময়ত যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

প্ৰাপ্ত অভিযোগ অনুসৰি শিৱসাগৰ জিলাৰ আমগুৰিৰ ম’ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ৰাষ্ট্ৰীয় বাল স্বাস্থ্য সেৱা কাৰ্যক্ৰমৰ অধীনত মুজাহিদুল ইছলাম নামৰ ফাৰ্মাচিষ্টজনে জাঁজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৩ গৰাকী ছাত্ৰীক চকু পৰীক্ষাৰ বাবে দুখন গাড়ীত কেন্দ্ৰটোলৈ লৈ গৈছিল।

আজি দিনৰ প্ৰায় ১০:৩০ বজাত ফাৰ্মাচিষ্ট মুজাহিদুলৰ নেতৃত্বত এখন টাটা চুমু আৰু মাৰুতি ভানত ছাত্ৰীসকলক ম’ৰাবজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয়। মাৰুতি ভানত যোৱা অভিযুক্ত মুজাহিদুলে ইয়াৰে ৩ গৰাকী ছাত্ৰীক গাড়ীৰ ভিতৰতে অশ্লীল ছবি দেখুৱাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে।

ছাত্ৰীসকলে চকু পৰীক্ষা কৰাই আহি বিয়লিৰভাগত স্কুলত উপস্থিত হৈ প্ৰধান শিক্ষয়িত্ৰীক সকলো বিৱৰি কোৱাতহে ঘটনাটো পোহৰলৈ আহে। প্ৰধান শিক্ষয়িত্ৰীয়ে ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰাত আৰক্ষীয়ে তৎপৰতাৰে অভিযুক্তক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

ধুবুৰী কালাহাটৰ প্ৰয়াত হামিদ আলী মণ্ডলৰ পুত্ৰ মুজাহিদুল ইছলাম ম’ৰাবজাৰ স্বাস্থ্যকেন্দ্ৰত ৰাষ্ট্ৰীয় গ্ৰামীন স্বাস্থ্য অভিযানৰ অধীনত ফাৰ্মাচিষ্ট হিচাপে নিয়োজিত হৈ আছে।

আনহাতে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে কোনো এজন তত্ত্বাৱধায়ক নোহোৱাকৈয়ে ছাত্ৰীসকলক এনেদৰে পথোৱা কাৰ্য্যত স্থানীয় ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে।

Related News